হস্তী বিশেষজ্ঞ দীনেশ চৌধুৰী

গুৱাহাটী– হস্তী বিশেষজ্ঞ তথা প্ৰসিদ্ধ আলোকচিত্ৰ শিল্পী দীনেশ চৌধুৰীৰ দেহাৱসান। মঙলবাৰে দিনৰ ১বাজি ৪মিনিটত শেষ নিশ্বাস ত্যাগ কৰে শিল্পী গৰাকীয়ে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৭৬বছৰ। দীনেশ চৌধুৰী চৰকাৰৰ স্বীকৃতিপ্ৰাপ্ত হাতী চিকাৰী আছিল।

দীনেশ চৌধুৰীয়ে শ্বিলঙৰ ছেইণ্ট এণ্ডমাণ্ডছ কলেজত শিক্ষাগ্ৰহণ কৰি পিছলৈ বেংগালুৰুৰ নেচনেল দুগ্ধজাত গৱেষণা প্ৰতিষ্ঠানত শিক্ষাগ্ৰহণ কৰিছিল।

অসম চৰকাৰৰ দুগ্ধ উন্নয়ন বিভাগতো দীনেশ চৌধুৰী কৰ্মৰত আছিল। তাৰ পিছত তেওঁ পূৰবী ডায়েৰীতো যোগদান কৰিছিল।

দীনেশ চৌধুৰী বন সংৰক্ষণ আৰু হাতীৰ ওপৰত তেওঁৰ বিশেষজ্ঞতাৰ বাবে সৰ্বত্ৰে বিখ্যাত আছিল। বন্যপ্ৰাণীৰ ওপৰত লোৱা তেখেতৰ আলোকচিত্ৰ নেচনেল জিঅ’গ্ৰাফিক মেগাজিনটো প্ৰকাশিত হৈছে।

মৃত্যুৰ সময়ত তেখেতে পত্নী, পুত্ৰ- দুগৰাকী কন্যাসহ বহু আত্মীয়ক এৰি থৈ যায়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply