হাইলাকান্দি: ড্ৰাগছৰ ঘাটিত পৰিণত হৈছে বৰাক উপত্যকা | বিশেষকৈ আন্ত ৰাজ্যিক সীমান্ত আৰু আন্ত ৰাষ্ট্ৰীয় সীমান্তৰ সৈতে এই ভূখন্ড লাগি থকাৰ বাবে ড্ৰাগছ ঘাটিত পৰিণত হৈছে | শেহতীয়াকৈ বৃহস্পতিবাৰে হাইলাকান্দি জিলাৰ অন্তৰ্গত লক্ষীনগৰ অঞ্চলৰ পৰা গোপন সূত্ৰৰ পম খেদি অভিযান চলাই বৃহৎ পৰিমানৰ ড্ৰাগছ জব্দ কৰে | ড্ৰাগছ খিনিৰ বজাৰ মূল্য ১ এক কোটি টকাৰ বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে |
এই ঘটনাত দুজন যুবকক আটক কৰে | লগতে ড্ৰাগস সৰবৰাহ কাৰ্যত ব্যবহাৰ কৰা এখন বাইক জদ্ধ কৰে লক্ষ্মীনগৰ আৰক্ষীয়ে।

লালাবজাৰ আৰক্ষী চকীৰ আৰক্ষী বিষয়া লিটন নাথে জানিবলৈ দিয়া মতে দুজন যুবক কৰিমগঞ্জ জিলাৰ নিভিয়াৰ পৰা আহিছিল বৃহৎ মূল্যৰ ড্ৰাগছখিনি দিবৰ বাবে আহিছিল | সেই খবৰ লাভ কৰাৰ পিছত আৰক্ষীয়ে তেওলোকৰ বিৰুদ্ধে অভিযান চলাই গ্ৰেপ্তাৰ কৰে যুবক দুজনক |
তেওলোকৰ হাতৰ পৰা থাইলেন্ডত নিৰ্মিত দুটা পেকেট ড্ৰাগছ উদ্ধাৰ কৰে, এই ড্ৰাগছ খিনিৰ মূল্য এক কোটি টকা হ’ব বুলি উল্লেখ কৰে। অঞ্চলটোত বহু দিনৰ পৰা এনে ড্ৰাগছৰ ব্যবসায় চলাই আহিছে হাইলাকান্দি জিলাত অপৰাধৰ সংখ্যা বাঢ়ি গৈ আছে যদিও এনে অপৰাধৰ ঘটনা ৰোধ কৰিব কাৰণে ইতিমধ্যে হাইলাকান্দি জিলাৰ আৰক্ষীয়ে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে।