গোৰেশ্বৰ- সোমবাৰে গোৰেশ্বৰৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই হাগ্ৰামা মহিলাৰীক কঠোৰ ভাৱে সমালোচনা কৰে। সভাত হাগ্ৰামা মহিলাৰীক মেকুৰী আখ্যা দি আমাক মেকুৰীৰ চিফ নালাগে বুলি মন্তব্য কৰে মন্ত্ৰী শৰ্মাই। লগতে মন্ত্ৰী গৰাকীয়ে কয়, ‘ যোৱা ১৫ টা বছৰে বিজেপিয়ে বিটিচি চৰকাৰক যথেষ্ঠ টকা দিয়া হৈছিল যদিও সম উন্নয়ন হোৱা নাই ।’ এইবাৰ বিজেপি চৰকাৰ আহিলে মাটি কিনা বেচাৰ লগতে বিটিচিত সম অধিকাৰ পাব বুলি মন্ত্ৰী গৰাকীয়ে মন্তব্য় কৰে।

বিজেপিৰ চৰকাৰ কোকৰাঝাৰত হোৱাৰ লগে লগে পোন্ধৰ দিনৰ ভিতৰত ৰাজহ চক্ৰ বিষয়াই মাটি কিনা – বেচাৰ অধিকাৰ দিব লাগিব লগতে বিটিচিত হাগ্ৰামা মহিলাৰীৰ জমিদাৰী ৰাজ নচলিব বুলিও তেওঁ উল্লেখ কৰে।

বিটিচিত ভিচিডিচি নামত সংঘটিত হোৱা দুৰ্নীতিৰ প্ৰসংগ উল্লেখ কৰি মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে দিল্লীয়ে পঠিয়াই দিয়া পিঠা সমূহ এই ভিচিডিচিৰ লেখীয়া মেকুৰীবোৰে খাই শেষ কৰে আৰু ৰাইজে একো খাবলৈ নাপায়। দিল্লীৰ মোদীৰ পৰা লাভ কৰা টকা সমূহ একো সৎ কামত ব্যৱহাৰ নকৰি সমষ্ট টকা মেকুৰীৰ দৰে খাই থয়।

বিটিআৰ চুক্তিৰ প্ৰংসগ উল্লেখ কৰি তেওঁ কয় যে বিটিচিৰ পৰা কোনো গাওঁ ওলাই যাব বিচাৰিলে ওলাই যাব পাৰিব । এতিয়া আৰু গাৰ বলেৰে বিটিচিত গাওঁ সোমাই ৰাখিব নোৱাৰিব। বিটিচিত আৰু চীফগিৰি নচলিব। বৃদ্ধ পেঞ্চন, বিধবা পেঞ্চন আদি বিভিন্ন চৰকাৰী আচনিৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত হোৱা বুলি অভিযোগ কৰে। বিটিএডিত বিটিচি নিৰ্বাচন শেষ হোৱাৰ পিছত ১৫ ডিচেম্বৰৰ পিছত অৰুণোদয় আঁচনিৰ কাম চলিব বুলি তেওঁ মন্তব্য কৰে।

হাগ্ৰামাক কটাক্ষ কৰি মন্ত্ৰী শৰ্মাই কয় যে বিটিএডি বিজেপি সোমাব নে নোসোমাই তাৰ সিদ্ধান্ত হাগ্ৰামাই ল’ব নোৱাৰে তাৰ সিদ্ধান্ত বিটিচিবাসী ৰাইজে ল’ব। বিটিচিত এতিয়া আৰু ভয় দেখুৱাই ভোট কোনেও আদায় কৰিব নোৱাৰিব।

তদুপৰি গোৰেশ্বৰত নিৰ্বাচনৰ আগেয়ে এখন ষ্টেডিয়াম নিৰ্মাণ কৰা কথাও মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে।

গোৰেশ্বৰৰ নিৰ্বাচনী প্ৰচাৰ সভাত মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে অংশগ্ৰহণ কৰে। বিপিএফ দলক ৰঞ্জিত দাসে চোকা ভাষাৰে সমালোচনা কৰি বিটিচিত লুন্ঠন চলোৱা নেতা সকলক অতি শীঘ্ৰে জেলত ভৰাব বুলি উল্লেখ কৰে।

উল্লেখ্য যে সোমবাৰে অনুষ্ঠিত হোৱা গোৰেশ্বৰৰ নিৰ্বাচনী প্ৰচাৰ সভাত প্ৰায় ২০সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply