তামুলপুৰ – হাগ্ৰামা মহিলাৰী আৰু দনেশ্বৰ গয়াৰীৰ প্ৰতিমূৰ্তি দাহ। তামুলপুৰৰ মটঙাচকত তামুলপুৰ জিলা ইউপিপিএল দলৰ কৰ্মকর্তা সকলে হাগ্ৰামা মহিলাৰী আৰু দনেশ্বৰ গয়াৰীৰ প্ৰতিমূৰ্তি দাহ কৰি তিব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।
বিটিচি পৰিষদীয় নিৰ্বাচনৰ ভোট গ্ৰহণ চলি থকাৰ মাজতে বাক্সা জিলাৰ তামুলপুৰত জিলা ইউপিপিএল দলৰ কৰ্মকর্তা সকলে বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰী আৰু বিপিএফ নেতা দনেশ্বৰ গয়াৰীৰ প্ৰতিমূৰ্তি দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।
বুধবাৰে কোকৰাঝাৰত ইউপিপিএল দলৰ সভাপতি প্ৰমোদ বড়োৰ ওপৰৰ দুৰ্বৃত্তই কৰা আক্ৰমণৰ ঘটনাক গৰিহণা দি তামুলপুৰ জিলা ইউপিপিএল দলৰ কৰ্মকর্তা সকলে প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰী সকলে প্ৰমোদ বড়োৰ ওপৰৰ চলা আক্ৰমণৰ লগত বিপিএফ দল জড়িত থকাৰ অভিযোগো উত্থাপন কৰে।
দুৰ্বৃত্তৰ আক্ৰমণত ইউপিপিএল দলৰ নেতা প্ৰমোদ বড়ো কথমপি ৰক্ষা পৰে যদিও ক্ষতিগ্ৰস্ত হয় প্ৰমোদ বড়োৰ ৪ খনকৈ বাহন৷ প্ৰৰিবাদকাৰী সকলে বিপিএফ দলৰ প্ৰধান হাগ্ৰামা মহিলাৰী আৰু বিপিএফ দলৰ নেতা দনেশ্বৰ গয়াৰী প্ৰতিমূৰ্তি দাহ কৰি প্ৰমোদ বড়োৰ ওপৰত হোৱা আক্ৰমণৰ তদন্তৰ দাবী জনায়।