গুৱাহাটী – হাজং কছাৰী স্বায়ত্ব শাসিত পৰিষদ গঠনৰ দাবীত উত্তাল লাষ্ট গেট। হাজং জনগোষ্ঠীক উপ-গ্ৰহীয় ব্যৱস্থাৰে স্বায়ত্ব শাসিত পৰিষদ প্ৰদানৰ দাবীত সদৌ অসম হাজং ছাত্ৰ সন্থা, হাজং জাতীয় ঐক্য মঞ্চ, অসম আৰু হাজং সাহিত্য সভা, অসমে লাষ্ট গেটত প্ৰতিবাদ সাব্যস্ত কৰে। আগন্তক বিধানসভা নিৰ্বাচনত বৰ্তমানৰ চৰকাৰখনক উচিত শিক্ষা দিয়াৰ হুংকাৰ হাজং ছাত্ৰ সংগঠনৰ।
বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছে অসম বিধানসভাৰ বাজেট অধিবেশন। বিজেপি চৰকাৰখনৰ পাঁচ বছৰীয়া শাসনকালৰ এইটো অন্তিমটো বাজেট অধিবেশন। বিজেপি চৰকাৰৰ এই অন্তিমটো বাজেট অধিবেশন আৰম্ভ হোৱাৰ লগতে আৰম্ভ হৈছে লাষ্ট গেটত প্ৰতিবাদ। বাজেটৰ প্ৰথম দিনাই বিভিন্ন দল-সংগঠনে উত্তাল কৰি তোলে লাষ্ট গেট।
হাজং জনগোষ্ঠীক উপ-গ্ৰহীয় ব্যৱস্থাৰে স্বায়ত্ব শাসিত পৰিষদ প্ৰদানৰ দাবীত সদৌ অসম হাজং ছাত্ৰ সন্থা, হাজং জাতীয় ঐক্য মঞ্চ, অসম আৰু হাজং সাহিত্য সভা, অসমে লাষ্ট গেটত প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰী সকলে আমাক স্বায়ত্ব শাসিত পৰিষদ প্ৰদান কৰক, আমাৰ দাবী মানিবাই লাগিব শ্ল’গানৰ লগতে বিভিন্ন চৰকাৰ বিৰোধী শ্ল’গানেৰে লাষ্ট গেটৰ পৰিৱেশ উত্তাল কৰি।তোলে।
হাজং ছাত্ৰ সন্থাৰ সভাপতি সঞ্জীৱ কুমাৰ হাজং বৰ্তমানৰ বিজেপি চৰকাৰখনক তীব্ৰ সমালোচনা কৰি কয় যে অসমৰ ভূমিপুত্ৰ অনুসূচিত জনজাতি সকলৰ ভিতৰত কিছুমান জনগোষ্ঠীক ভাগে ভাগে স্বায়ত্ব শাসিত প্ৰদান কৰা হৈছে কিন্তু হাজং সকলক ইয়াৰ পৰা বাঞ্চিৰ কৰি ৰখা হৈছে। হাজং সকলক স্বায়ত্ব শাসিত পৰিষদ প্ৰদান নকৰাৰ ফলত হাজং সকল সকলো দিশতে আন আন জনগোষ্ঠীৰ তুলনাত পিছ পৰি আছে।
হাজং ছাত্ৰ সন্থাৰ সভাপতি গৰাকীয়ে হাজং জনগোষ্ঠীৰ নিজস্ব ভাষা, কৃষ্টি-সংস্কৃতি জীয়াই ৰখাৰ লগতে হাজং সকল অৰ্থ-সামাজিক, শৈক্ষিক আদি দিশত অনা অনা জনগোষ্ঠীৰ লগত আগুৱাই যোৱাৰ ক্ষেত্ৰত চৰকাৰে হাজং স্বায়ত্ব শাসিত পৰিষদ গঠন কৰিব লাগে বুলিও দাবী জনায়। হাজং ছাত্ৰ সন্থাৰ সভাপতি সঞ্জীৱ কুমাৰ হাজং আগন্তক বিধানসভা নিৰ্বাচনত হাজং সকলৰ সমস্যা সমূহ সমাধানৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰা দলৰ লগতে থাকিব বুলিও মন্তব্য প্ৰকাশ কৰে।