হাটশিঙিমাৰী- মানকাচৰ জিলাৰ হাটশিঙিমাৰীত সংঘটিত হোৱা এক হত্যাকাণ্ডৰ লগত জড়িত ছয়জনক গ্ৰেপ্তাৰ।
২৮ অক্টোবৰ নিশা সংঘটিত হৈছিল এই লোমহৰ্ষক ঘটনা। শ্বেখ ফৰিদ নামৰ এজন ঠিকাদাৰক পত্নী আছমা খাতুনে নিজ কন্যা-পুত্ৰৰ সহযোগত ডিঙি ৰেপি হত্যা কৰিছিল।
ঘটনা অনুসৰি জয়নাল আবেদিন নামৰ এজন গড়কাপ্তানী বিভাগৰ কনিষ্ঠ অভিযন্তাৰ পত্নীৰ লগত শ্বেখ ফৰিডৰ অবৈধ সম্পৰ্ক আছিল। সেয়ে আছমা খাতুনে স্বামীক পানীয়ৰ লগত নিচাযুক্ত দ্ৰব্য খুৱাই অচেতন কৰি ৰছীৰে হাত-ভৰি বান্ধি এই হত্যাকাণ্ডৰ সংঘটিত কৰিছিল।
ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আছমা খাতুন, কন্যা ৰুকছান পাৰবিনক ,পুত্ৰ জুৱেৰ হুছেইন আৰু মোস্তাফা আহমেদ নামৰ এজন যুৱকৰ লগতে কণিষ্ঠ অভিযন্তা জয়নাল আবেদিন, তেওঁৰ পত্নী জেছমীন খাতুন, গ্ৰেপ্তাৰ কৰে।আনহাতে হত্যাকাণ্ডৰ লগত জড়িত আৰু দুজন হত্যাকাৰী এতিয়াও পলাতক অৱস্থাত আছে।
এই কথা জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক ৰাজেন্দ্ৰ ওজাই সদৰী কৰে।