তিনিচুকীয়াত তাণ্ডৱ চলোৱা যুৱকৰ দলটো

তিনিচুকীয়া – হাতে হাতে তৰোৱাল লৈ তিনিচুকীয়া চহৰৰ মাজমঁজিয়াত এদল যুৱক। প্রায় ৭০ জনীয়া যুৱকৰ এটা দলে একোখন বাইকত দুই তিনিজনকৈ উঠি হাতত তৰোৱাল লৈ কালি পুৱাৰ ভাগৰ পৰাই তিনিচুকীয়া নগৰৰ বিভিন্ন ঠাইত দলটোৱে তাণ্ডৱ চলাই আছিল৷ আনকি কভিড প্রট’কল, দুর্গা পূজাত চৰকাৰ আৰু জিলা প্রশাসনে জাৰি কৰা নীতি-নির্দেশনা অমান্য কৰি কালি এই যুৱকৰ দলটোৱে হাতে হাতে দা-তৰোৱাল লৈ মটৰচাইকেলত তিনিচুকীয়াৰ পথত মুক্ত বিচৰণ কৰি জনতাক ভীতিগ্রস্ত কৰি তোলে৷

অৱশ্যে তিনিচুকীয়া আৰক্ষীয়ে যুৱকৰ দলটোক নিয়ন্ত্রণ কৰিবলৈ সক্ষম হয়। হিজুগুৰি অঞ্চলত পথত খেদি খেদি আগভেটি ধৰি ছত্রভংগ দিয়াত যুৱকৰ দলটো পলাই পত্রং দিয়ে যদিও আৰক্ষীয়ে ৪ জন যুৱকক আটক কৰিবলৈ সক্ষম হয়৷

যুৱকৰকেইজনৰ লগতে ৫খন মটৰচাইকেলো জব্দ কৰে আৰক্ষীয়ে৷ আৰক্ষীয়ে আটক কৰা যুৱককেইজনে নিজকে বজৰং দলৰ বুলি স্বীকাৰোক্তি দিয়ে। আটকাধীন এগৰাকী যুৱকে জনোৱামতে গোশালাত অস্ত্ৰপূজনৰ বাবে ওলাই আহিছিল তেওঁলোক। অৱশ্যে মুকলিকৈ অস্ত্ৰ-শস্ত্ৰ উলিওৱা কথাটো অস্বীকাৰো কৰে। ইফালে বাইক ৰেলী উলিওৱাৰ কতাও অস্বীকাৰ কৰিছে যুৱকৰ দলটোৱে।

আৰক্ষীয়ে বিষয়টো তদন্ত কৰি থকা বুলি জনাইছে৷ যুৱকৰ দলটোৱে সমদল বা শোভাযাত্রা কৰাৰ কোনো আগজাননী বা অনুমতিও লোৱা নাছিল বুলি আৰক্ষী সূত্রই সদৰী কৰিছে৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply