গুৱাহাটী – হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ ছাঁটোতে বাঘ দেখাৰ দৰে হৈছে। – এই মন্তব্য জ্যেষ্ঠ কংগ্ৰেছী নেতা তথা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ। কালি নগাঁও জিলা কংগ্ৰেছৰ কাৰ্যালয় ৰাজীৱ ভৱনত আয়োজিত এক সংবাদমেলত এই মন্তব্য কৰে প্ৰাক্তন মন্ত্ৰী, অসম বিধানসভাৰ বিৰোধী দলৰ উপ-দলপতি ৰকিবুল হুছেইনে। তেওঁ লগতে উল্লেখ কৰে যে এতিয়া বিজেপিৰ প্ৰতি ৰাইজৰ মোহভংগ হৈছে, সেয়েহে অধিকাংশ ৰাইজেই এতিয়া বিজেপিৰ সংগ এৰিছে। বিজেপিৰ সভা-সমিতিসমূহলৈকো ৰাইজ নাযায় আজিকালি।’

কালি সংবাদমেলত একালৰ ঘনিষ্ঠ সতীৰ্থ তথা মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নাম উল্লেখ নকৰাকৈয়ে তেওঁক আক্ৰমণ কৰি প্ৰাক্তন মন্ত্ৰী হুছেইনে আৰু কয়, ‘তেওঁৰ কথাবোৰ আমাৰ সভ্যতাৰ বিৰোধী হোৱা হেতুকেই আজিকালি ৰাইজ তেওঁৰ সভালৈ নহা হৈছে। সেয়েহে তেওঁ সাম্প্ৰদায়িক কথা- বতৰা আৰম্ভ কৰিছে। যিটো সমাজৰ বাবে মুঠেই শুভ নহয়।’

শেহতীয়াকৈ দুলীয়াজানৰ গেষ্ট হাউছত এজেপিৰ এজন নেতাৰ সৈতে মধ্য অসমৰ এজন কংগ্ৰেছ নেতাই আলোচনাত মিলিত হৈ নাহৰকটীয়া সমষ্টিত এজেপিৰ প্ৰাৰ্থী জিকোৱাৰ ষড়যন্ত্ৰ কৰা বুলি সংবাদ-পত্ৰত প্ৰকাশিত বাতৰিৰ কোনো সত্যতা নাই বুলিও দাবী কৰে হুছেইনে। তেওঁ কয়, এজেপিৰ কোনো নেতাক প্ৰত্যক্ষ বা পৰোক্ষভাৱে মই লগ পোৱা নাই আৰু কথাও পতা নাই। এয়া বিজেপিৰ এক অপপ্ৰচাৰ। গাদী যাওঁ যাওঁ অৱস্থাত এয়া বিজেপিৰ অসংলগ্ন কথা-বতৰা। নাহৰকটীয়া সমষ্টিত কংগ্ৰেছ এইবাৰ জিকাটো নিশ্চিত। তদুপৰি সমষ্টিটোৰ কংগ্ৰেছ নেত্ৰী প্ৰণতি ফুকন নিজেই কংগ্ৰেছৰ প্ৰাৰ্থী বাছনি কমিটীৰ সদস্যা।

কংগ্ৰেছৰ বিৰুদ্ধে অপপ্ৰচাৰ একালৰ কংগ্ৰেছ মন্ত্ৰী আৰু বৰ্তমানৰ বিজেপিৰ এজন মন্ত্ৰীয়ে চলাই থকা বুলি অভিযোগ তুলি হুছেইনে কাৰো নাম নোলোৱাকৈয়ে স্বভাৱসুলভ ভংগিমাৰে কয়, এসময়ৰ কংগ্ৰেছৰ আৰু এতিয়াৰ বিজেপি মন্ত্ৰীজনে ৰাজনৈতিক জলবায়ুৰ আগজাননী আনতকৈ আগতীয়াকৈ লাভ কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,044 other subscribers

Leave a comment

Leave a Reply