নিউজ ডেস্ক– কালপুৰুষ পূৰ্ণাঙ্গ পঞ্জিকাৰ এইবাৰৰ ভৱিষ্যত বাণী মতে সৰ্বানন্দ সোনোৱালক মুখ্যমন্ত্ৰী হোৱাৰ বাবে পুণৰ গ্ৰীণ ছিগনেল দিছে। পঞ্জিকাখনৰ গণনা মতে, হিমন্তবিশ্ব শৰ্মা এতিয়াই মুখ্যমন্ত্ৰী হোৱাৰ সম্ভাবনা নাই। হিমন্তৰ সপ্তমত শনি অষ্টমত বৃহস্পতি থকাৰ বাবে শীৰ্ষপদত অধিষ্ঠিত হোৱাৰ সম্ভাবনা নাই।
অৱশ্যে চৰকাৰ খনৰ কাৰ্যকালৰ আধা সময় পাৰ হৈ যোৱাৰ পিছত সেই সুযোগ অহাৰো সম্ভাৱনা থকাৰ কথা কোৱা হৈছে। বিপৰীতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল পুনৰ মুখ্যমন্ত্ৰী হ’ব বুলি উল্লেখ কৰি মিত্ৰজোটে পুনৰ চৰকাৰ গঠন কৰিব বুলি উল্লেখ কৰিছে । সৰ্বানন্দ সোনোৱালৰ প্ৰত্যান্তৰত শণিৰ দশা থকাৰ কথা গণনাত পোৱা বুলি উল্লেখ কৰিছে পঞ্জিকা খনে।
কালপুৰুষ পূৰ্ণাঙ্গ পঞ্জিকাৰ ভবেশ কুমাৰ শৰ্মা বৰুৱাৰ মতে, প্ৰধান বিৰোধী দলৰহে শক্তিশালী হোৱাৰ সম্ভাবনা বিপৰীতে নতুন দল অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ দৰে নতুন দল সমূহে সফলতা নাপাই , লাভ কৰিব মাত্ৰ প্ৰতিষ্ঠা। জুলাইৰ পিছত অচিন ৰোগৰ সম্ভাবনাৰ কথা প্ৰকাশ কৰিছে কালপুৰুষ পূৰ্ণাঙ্গ পঞ্জিকাৰ গণনাত। উল্লেখ্য যে যোৱা বৰ্ষত সমগ্ৰ বিশ্বতে অতিমাৰীয়ে সংহাৰ কৰা কৰোনা সম্পৰ্কত এটাও ভবিষ্যতবাণী কৰাত ব্যৰ্থ হৈছিল।