বাক্সা – “আমি বিজেপিৰ সৈতে মিত্রতাত আছিলো আৰু আমি সমর্থন দিয়াৰ বাবেহে অসমত বিজেপিয়ে চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছিল৷ কিন্তু এতিয়া সময় সলনি হৈছে৷ এতিয়া আমাৰ বিজেপিৰ সৈতে ডাইৰেক্ট ফাইট আৰম্ভ হৈছে৷ –এই মন্তব্য বিটিচিৰ প্রাক্তন মুখ্য কার্যবাহী তথা বিপিএফৰ সভাপতি হাগ্রামা মহিলাৰীৰ৷

বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ওদালগুৰিৰ হৰিশিঙাৰ এক সভাত তেওঁক উদ্দেশ্যি হাগ্রামা এণ্ড কোম্পানীয়ে বিটিচিৰ কোটি কোটি টকা আত্মসাৎ কৰি উন্নয়নমূলক কাম কৰিব নোৱাৰা বুলি কৰা মন্তব্যৰ প্রত্যুত্তৰত কয় যে সম্প্রতি বিটিচিত নির্বাচনৰ গৰম বতাহ চলি আছে৷ নির্বাচনত জিকাৰ স্বার্থত বিভিন্ন দলে বিভিন্ন কথা কয়, কিন্তু বিপিএফৰ বাদে অইন দলে ৰাইজৰ স্বার্থত কাম নকৰে৷ মন্ত্রী ড০ হিমন্ত বিশ্বই কোৱাৰ দৰে দিছপুৰৰ পৰা অনা টকা চৰকাৰৰ নহয় এয়া ৰাইজৰ টকা৷

কেন্দ্রীয় চৰকাৰে বিটিচি উন্নয়নৰ বাবে আবণ্টন দিয়া পুঁজিৰ শতকৰা ১২.১৯ টকাৰ পৰিৱর্তে ৩.৬ টকাহে বিটিচিয়ে লাভ কৰি আহিছে৷ বাকী থকা পুঁজি কাৰ পকেটলৈ যায় বুলি প্রশ্ণ উত্থাপন কৰি তেওঁ কয় যে দাদাইহে ডকাইতি কৰি আমাৰ টকা খাইছে আমি খোৱা নাই৷ – এইবুলিও হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰে হাগ্ৰামা মহিলাৰীয়ে।

মিত্রতাৰ ধর্ম বিজেপিয়ে পালন নকৰাৰ অভিযোগ উত্থাপন কৰি মহিলাৰীয়ে অহা বিধানসভা নির্বাচনত বিজেপিৰ ঘণ্টা বজাই দিব বুলি মন্তব্য কৰে।

হাগ্রামা মহিলাৰীয়ে হিমন্ত বিশ্ব শর্মাক লক্ষ্য কৰি পুনৰ কয় যে বিটিচিত বিপিএফে চৰকাৰ গঠন কৰিব৷ আৰু আমি যিদিনাই শপত গ্রহণ ল’ম সেইদিনা হিমন্ত বিশ্ব শর্মাক নিমন্ত্রণ দিয়া নহয়৷ বিটিচিত মই থকালৈকে হিমন্তই সোমাই লাভ নাই৷ বিটিচিত শান্তিপূর্ণভাৱে ৰাইজে বসবাস কৰি আছে৷ গতিকে অশান্তিৰ বীজ ছটিয়াব আহিব নালাগে৷ তেওঁ কয় যে হিমন্তই যেনেদৰে এইবাৰ বিটিচি নির্বাচনত সোমাইছে ময়ো অহা বিধানসভা নির্বাচনত জালুকবাৰী সমষ্টিত সোমাম৷ জালুকবাৰী সমষ্টিত বহু বড়ো আৰু বাঙালী ভোট আছে৷ সেইবোৰ ভোট ময়ো বিভাজন কৰিম বুলি কয়৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply