গুৱাহাটী – ৰাষ্ট্রীয় সেউজ ন্যায়াধিকৰণৰ নির্দেশৰ পাছত অসমত এইবাৰ ফটকাৰ বিক্রী আৰু বিস্ফোৰণত বাধা আৰোপ কৰিছে অসম প্রদূষণ নিয়ন্ত্রণ পৰিষদে৷ কিন্তু প্রদূষণ নিয়ন্ত্রণ পৰিষদৰ এই নির্দেশনাৰ পাছত ৰাজ্যৰ প্রভাৱশালী মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কৰা বিপৰীত টুইটে ৰাজ্যবাসীক বিভ্রান্ত কৰিছে৷ ব্যাপক প্রদূষণ আৰু কৰ’নাসৃষ্ট পৰিস্থিতিৰ বাবে দেশৰ বহুকেইখন ৰাজ্যত এইবাৰ দীপাৱলীত ফটকা সম্পূর্ণ নিষেধ কৰিছিল যদিও অসম চৰকাৰে এইক্ষেত্রত কোনো নিষেধাজ্ঞা জাৰি কৰা নাছিল৷

ইফালে ৰাষ্ট্রীয় সেউজ ন্যায়াধিকৰণে অসমকে ধৰি দেশৰ ১৮খন ৰাজ্যলৈ প্রদূষণ নিয়ন্ত্রণৰ বাবে ফটকাৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰা-নকৰা সন্দর্ভত স্থিতি স্পষ্ট কৰিবলৈ জাননী জাৰি কৰাৰ পাছত যোৱা নিশাৰ পৰা অহা ৩০ নৱেম্বৰলৈ ৰাজ্যৰ ৰাজধানী গুৱাহাটীত ফটকাৰ বিক্রী আৰু ব্যৱহাৰ সম্পূর্ণভাৱে নিষিদ্ধ কৰিছে অসম প্রদূষণ নিয়ন্ত্রণ পৰিষদে৷ উল্লেখযোগ্য যে সেউজ ন্যায়াধিকৰণত দাখিল কৰা তথ্য অনুসৰি অসমৰ গুৱাহাটীৰ বায়ুমণ্ডল অত্যধিক পৰিমাণে প্রদূষিত৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,060 other subscribers

Leave a comment

Leave a Reply