নগাঁও – হেৰ’ইনসহ নগাঁও আৰক্ষীৰ জালত পৰিল দুই সৰবৰাহকাৰী। নগাঁও আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত এই সাফল্য। হয়বৰগাঁও আৰক্ষীৰ এটা দলে বৃহস্পতিবাৰে চলাইছিল ড্ৰাগছ বিৰোধী অভিযান।

নগাঁৱত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে নিষিদ্ধ ড্ৰাগছৰ অবৈধ বেহা। নগাঁও আৰক্ষীয়েও ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত ৰাখিছে অভিযান। বৃহস্পিতিবাৰে নগাঁৱৰ হয়বৰগাঁও আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই নগাঁৱৰ ছোটৰূপহীৰ পৰা জব্দ কৰিবলৈ সক্ষম হয় মাৰাত্মক হেৰ’ইন।

হয়বৰগাঁও আৰক্ষীৰ এটা দলে চলোৱা অভিযানত হেৰ’ইন জব্দ কৰাৰ লগতে আটক কৰিবলৈ সক্ষম হয় দুজনকৈ সৰবৰাহকাৰীক। হেৰ’ইন সৰবৰাহত জড়িত থকাৰ অভিযোগত ছোটৰূপহীৰ মামাদুল হাছান আৰু চাদ্দাম হুছেইনক আটক কৰে আৰক্ষীৰ দলটোৱে। ধৃত দুই সৰবৰাহকাৰীক মাৰাথান জেৰা অব্যাহত ৰাখিছে নগাঁও আৰক্ষীয়ে।

ইফাকে বৃহস্পতিবাৰে পুৱাৰ ভাগত বকো সমষ্টিৰ অন্তৰ্গত সোণতলীত ৰাইজে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই জব্দ কৰে কেইবাটাও নিষিদ্ধ কফি ছিৰাপৰ কাৰ্টুন। যন্ত্ৰচলিত নাওঁ যোগে কফি ছিৰাপৰ কাৰ্টুন বৰপেটাৰ দিশে নিয়াৰ পথত ৰাইজে খেদি খেদি সৰবৰাহকাৰীজনক আটক কৰাৰ লগতে জব্দ কৰে কফি ছিৰাপৰ কাৰ্টুনখিনি।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply