হোজাই – হোজাইত আমছুৰ চকাবন্ধ কাৰ্যসূচী৷ হোজাই জিলা উপায়ুক্তৰ স্বৈৰাচাৰী শাসন আৰু পক্ষপাতিতামূলক আচৰনৰ অভিযোগত হোজাই জিলা আমছুৱে ৬ ঘন্টীয়া হোজাই জিলা বন্ধ ঘোষণা কৰে।
বৃহস্পতিবাৰে পুৱা ৬ বজাৰ পৰা দিনৰ ১২ বজালৈকে হ’বলগা এই বন্ধৰ ব্যাপক প্ৰভাৱ দেখিবলৈ পোৱা যায় জিলাখনৰ আন আন প্ৰান্তৰ লগতে ডবকা, নীলবাগান আৰু হোজাই চহৰত৷ বন্ধৰ সময়ছোৱাত বন্ধ সমৰ্থকসকলে ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত টায়াৰ জ্বলাই উপায়ুক্তৰ বিৰুদ্ধ শ্লোগান প্ৰদান কৰি প্ৰতিবাদ সাব্যস্ত কৰে৷
প্ৰতিবাদস্থলীৰ পৰাই হোজাই আৰু ডবকা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে হোজাই জিলা আমছুৰ সাধাৰণ সম্পাদক লুতফুৰ ৰহমান আৰু ৰাজীৱ লস্কৰসহ আমছুৰ তিনিজনকৈ সদস্যক। বন্ধৰ সময়ছোৱাত অৱশ্যে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হোৱা নাই৷
পুৱাৰ ভাগৰে পৰা হোজাইত বন্ধ হৈ পৰে সকলো যান বাহনৰ লগতে দোকান পোহৰ। ইফালে বন্ধৰ প্ৰতি লক্ষ্য ৰাখি হোজাই জিলা আৰক্ষী প্ৰশাসনে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলে৷