৮ বছৰীয়া শিশুটিক উদ্ধাৰ কৰিলে হোজাই জিলা আইনসেৱা প্ৰাধিকৰণ আৰু চাইল্ড লাইনে

হোজাই – ৰাজ্যত পুনৰ এগৰাকী শিশুক বনকৰা হিচাপে নিয়োজিত কৰি নিৰ্যাতন। হোজাইৰ ৰাজপথত উচুপি থকা ৮ বছৰীয়া শিশুটিক উদ্ধাৰ কৰিলে হোজাই জিলা আইনসেৱা প্ৰাধিকৰণ আৰু চাইল্ড লাইনে৷ কোনো লোকে বনকৰা কামত নিয়োগ কৰি শিশুটিক অমানৱীয় নিৰ্যাতন চলাইছিল৷

নিৰ্যাতনত অতিষ্ঠ হৈ শিশুটিয়ে সেই ঘৰৰ পৰা পলায়ন কৰি হোজাই ভিমসৰীয়া পথত আশ্ৰয় লয় আৰু কান্দি কান্দি সকলোৰে সহায় ভিক্ষা কৰে৷ সেই দৃশ্য প্ৰত্যক্ষ কৰি স্থানীয় এজন সচেতন লোকে বিষয়টো হোজাই আৰক্ষীক অৱগত কৰাত লগে লগে ঘটনাস্থলীত হোজাই জিলা আইনসেৱা প্ৰাধিকৰণৰ সম্পাদিকা প্ৰণিতা মৰাং, পেনেল অধিবক্তা ৰোহিনা ৱাৰিছ, শ্বাহানা বেগম, চাইল্ড লাইন আৰু হোজাই আৰক্ষীৰ দল উপস্থিত হৈ শিশুটিক উদ্ধাৰ কৰি স্বাস্থ্য পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে৷

সম্প্ৰতি শিশুটিক শিশু সুৰক্ষা গৃহলৈ প্ৰেৰণ কৰা হ’ব আৰু পিছত শিশুটিৰ অভিভাৱকৰ সন্ধান কৰি অভিভাৱকৰ হাতত শিশুটিক চমজাই দিয়া হ’ব বুলি মন্তব্য কৰে প্ৰণিতা মৰাঙে৷ শিশুটিক কোনে বনকৰা কামত নিয়োগ কৰিছিল এই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে৷ শিশু শ্ৰমিক নিয়োগ কৰাসকলৰ বিৰুদ্ধে কঠোৰ আইনী পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলি জানিবলৈ দিয়ে প্ৰণিতা মৰাঙে৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply