হোজাই – হোজাই ৰে’ল ষ্টেচনত অঘটন ৷ চলন্ত ৰাজধানী এক্সপ্ৰেছৰ পৰা পৰি এজন লোকৰ মৃত্যু। নিহত ব্যক্তিজন হোজাইৰ বাসিন্ধা।
বৃহস্পতিবাৰে হোজাই ৰে’ল ষ্টেচনত সংঘটিত হয় এক অঘটন। চলন্ত ৰে’লৰ পৰা পৰি হোজাই ৰে’ল ষ্টেচনত মৃত্যু হয় এজন লোকৰ। দিল্লীৰ পৰা উজনি অসম অভিমুখী ৰাজধানী এক্সপ্ৰেছৰ পৰি এজন ৫০ বছৰীয়া লোকৰ মৃত্যু হয়।
মৃত লোকজন হোজাইৰ তেলিবস্থিৰ গংগা প্ৰসাদ চাহু বুলি চিনাক্ত কৰা হৈছে৷ গংগা প্ৰসাদ চাহু দিল্লীৰ পৰা হোজাইৰ নিজ গৃহলৈ আহি আছিল৷
লোকজন ৰে’লৰ পৰা কেনেকে পৰিল সেয়া এতিয়াওঁ জানিব পৰা হোৱা নাই৷ ঘটনাস্থলীত ৰে’লৱে আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি তদন্ত আৰম্ভ কৰিছে৷