হোজাইৰ সাত বছৰীয়া শিশুৰ মৃতদেহ উদ্ধাৰ Credit: ইষ্ট ম'জ'

হোজাই – হোজাইত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। এগৰাকী সাত বছৰীয়া শিশুৰ মৃতদেহ উদ্ধাৰ হোৱাত হোজাইত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। হোজাইৰ বৰহোলা গাঁৱৰ এখন নিৰ্জন পথাৰত উদ্ধাৰ হৈছে শিশুৰ মৃতদেহ৷

হোজাইত পুনৰ এক সাত বছৰীয়া শিশুৰ মৃতদেহ উদ্ধাৰ হোৱাকলৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। শিশুটিক কোনো পাষণ্ডই ধৰ্ষণ কৰি হত্যা কৰাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে৷ শনিবাৰে নিশা শিশুটি মোমায়েকৰ বিবাহ অনুষ্ঠানলৈ আছিল৷ বিবাহস্থলীৰ পৰাই কোনো পাষণ্ডই শিশুটিক পথাৰলৈ নি ধৰ্ষণ কৰি হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে ৰাইজে।

দেওবাৰে পুৱাৰ ভাগত পথাৰত শিশুটিৰ মৃতদেহ প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজে হোজাই আৰক্ষীক খৱৰ দিয়ে৷ হোজাই আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি তদন্ত আৰম্ভ কৰিছে৷ শিশুটিৰ লগত কু-কৰ্ম কৰাৰ যথেষ্ট তথ্য লাভ কৰিছে আৰক্ষীয়ে৷ শিশুটিৰ শৰীৰত তেজৰ চেকা পোৱাত শিশুক কোনো পাষণ্ডই ধৰ্ষণ কৰি হত্যা কৰিছে বুলি আৰক্ষীৰ প্ৰাথমিক তদন্তত উন্মোচিত হৈছে৷

ইফালে জয় প্ৰকাশ ওৰফে মুন্না নামৰ এজন যুৱকৰ লগত শিশুটিক শনিবাৰে নিশা ১২.৩০ বজাত অঞ্চলটোৰ একাংশ লোকে প্ৰত্যক্ষ কৰিছিল বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে৷ জয় প্ৰকাশেই শিশুটিক ধৰ্ষণ কৰি হত্যা কৰাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজৰ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply