হোজাই – হোজাইত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। এগৰাকী নাবালিকাক ধৰ্ষণৰ অপচেষ্টা চলালে ঠিকাদাৰে। ৰাইজৰ প্ৰচেষ্টাত ৰক্ষা পৰিল নাবালিকা গৰাকী।
হোজাই জিলাত সংঘটিত হৈছে এগৰাকী নাবালিকাক ধৰ্ষণৰ অপচেষ্টা। ইটা ভাটাত শ্ৰমিক যোগান ধৰা এজন ঠিকাদাৰে নাবালিকা এগৰাকীক ধৰ্ষণৰ অপচেষ্টা চলায়। ৰাইজে ধৰ্ষণৰ অপচেষ্টা চলোৱা ঠিকাদাৰ জনক আটক কৰে।
হোজাইৰ হাৱাইপুৰৰ এম এছ ইটা ভাটাত শ্ৰমিক যোগান ধৰা আতৰ আলী নামৰ এজন ঠিকাদাৰে ইটা ভাটাত এগৰাকী নাবালিকাক ধৰ্ষণ কৰাৰ অপচেষ্টা চলাই থাকোতে ৰাইজৰ হাতত ধৰা পৰে। আতৰ আলীয়ে তেজপুৰৰ পৰা হোজাইলৈ ইটা ভাটাত কাম কৰিবলৈ আনিছিল নাবালিকা গৰাকীক।
ধৰ্ষনৰ চেষ্টা চলাওঁতেই ৰাইজে হাতে লোটে আটক কৰি লম্পট আতৰ আলীক গটাই দিয়ে আৰক্ষীৰ হাতত। আৰক্ষীয়ে নাবালিকা গৰাকীক উদ্ধাৰ কৰি চিকিৎসাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে।