হোজাই – হোজাইত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ড৷ হোজাইৰ মান্দুলী গাঁৱত সংঘটিত হৈছে এই অগ্নিকাণ্ড৷ অগ্নিকাণ্ডত এজন লোকে বাসগৃহ সম্পূৰ্ণৰূপে জুইত জাহ যায়।
দেওবাৰে হোজাই জিলাৰ মান্দুলী গাঁৱত সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ড। অগ্নিকাণ্ডত গাঁওখনৰ কৰণ কুমাৰ সিং নামৰ এজন লোকৰ বাসগৃহ সম্পূৰ্ণৰূপে জুইত জাহ যায়।
পুৱা প্ৰায় ৭.১৫ বজাত সংঘটিত হোৱা অগ্নিকাণ্ডত কৰণ কুমাৰ সিংৰ বাসগৃহ জুইত সম্পুৰ্ণৰূপে ভস্মীভূত হোৱাৰ লগতে ঘৰত থকা ১৯ হাজাৰ টকা, মূল্যবান নথি-পত্ৰ তথা অনান্য সা-সামগ্ৰীও জ্বলি ভস্মীভূত হয়৷
বৈদ্যুতিক শ্বৰ্ট চাৰ্কেটৰ ফলত অগ্নিকাণ্ড সংঘটিত হোৱা বুলি জানিব পৰা গৈছে৷ স্থানীয় ৰাইজে বহু চেষ্টা কৰি জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়।