হোজাইত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

হোজাই:- মৃতদেহ উদ্ধাৰক লৈ হোজাইৰ দক্ষিণ কেন্দুগুৰিত চাঞ্চল্যৰ সৃষ্টি হৈছে | ৰহস্যজনকভাৱে মৃতদেহ উদ্ধাৰক লৈ স্থানীয় ৰাইজৰ মাজত শংকাই বিৰাজ কৰিছে | মৃতদেহত আঘাতৰ চিহ্ন প্ৰত্যক্ষ কৰাত হত্যাকাণ্ডৰ সন্দেহ কৰিছে স্থানীয় গাও খনৰ ৰাইজে |

মৃতদেহ উদ্ধাৰ হোৱা ব্যক্তিজনৰ নাম ধনীৰাম দাস(৪০) |মৃতদেহ উদ্ধাৰৰ পিছত লোকজনক নিজৰ পত্নীয়ে হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে |ঘটনাস্থলীত হোজাই আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। কি কাৰনত ব্যক্তি গৰাকীক হত্যা কৰা হ’ল গাওবাসীৰ ওচৰত তাৰ উত্তৰ নাই |

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply