স্বয়ম আঁচনিকলৈ স্থানীয় বিধায়কৰ বিৰুদ্ধে ক্ষোভ

হোজাই– বিজেপি চৰকাৰৰ অভিলাসী ‘স্বয়ম আঁচনি’ৰ পৰা বঞ্চিত হোজাই জিলাৰ বৃহত্তৰ অঞ্চল। লামডিং সমষ্টিৰ লংকাৰ ১নং কাকীৰ অঞ্চলবাসীয়ে প্ৰথম অৱস্থাত স্বয়ম আঁচনিৰ পৰা ধন লাভ কৰে যদিও পিছলৈ এই আঁচনিৰ পৰা বাদ পৰিবলগীয়া হয়। অঞ্চলটোৰ ১৩৭টা গোটে লাভ কৰিছিল আঁচনিৰ ধন। কাৰোবাৰ অভিসন্ধিৰ বুলিও প্ৰশ্ন উত্থাপন কৰি একাংশই স্থানীয় বিধায়কৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে ।

ছ’চিয়েল মিডিয়াতো বিজেপি চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে একাংশই। দুখীয়া ৰাইজৰ বাবে অহা এই চৰকাৰী আঁচনিবোৰৰ পৰা কি কাৰণে হিতাধিকাৰীসকল বাদ পৰিব লগা হ’ল সেই লৈ এতিয়া প্ৰশ্নৰ উত্থাপন হৈছে সচেতন মহলত।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply