হোজাই – হোজাই জিলাৰ মোৰাঝাৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। এগৰাকী বোৱাৰীক হত্যাৰ চেষ্টা মোমায়েকৰ। চকীৰে মূৰত মৰিয়াই মৰিয়াই ভাগিনীয়েকক হত্যাৰ চেষ্টা কৰিলে নিজ মোমায়েকে।
হোজাই জিলাৰ মোৰাঝাৰ আৰক্ষী থানাৰ বৰহাওৰত নিজ ভাগিনীয়েকক মোমায়েকে চকীৰে মৰিয়াই মৰিয়াই হত্যাৰ অপচেষ্টা কৰাৰ এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। মোমায়েকে আক্ৰমণত গুৰুতৰভাৱে আহত হৈছে আনোৱাৰা বেগম নামৰ বোৱাৰী গৰাকী।
শনিবাৰে সংঘটিত হোৱা এই ঘটনাত গুৰুতৰভাৱে আহত হোৱা আনোৱাৰা বেগম নামৰ বোৱাৰী গৰাকী যোৱা দুদিন ধৰি মৃত্যুৰ সৈতে যুঁজি আছে। আনোৱাৰা বেগম নামৰ বোৱাৰী গৰাকী বৰহাওৰস্থিত পিতৃ নুৰ উদ্দিনৰ ঘৰলৈ এক বিবাহ অনুষ্ঠানত অংশ ল’বলৈ আহিছিল৷ আনোৱাৰা বেগম আৰু মোমায়েক আব্দুল ৰহমানৰ মাজত কথা কটা কটি হোৱাত আনোৱাৰা বেগমৰ ওপৰত আক্ৰমণ চলায় আব্দুল ৰহমানে।
চকীৰে আনোৱাৰা বেগমৰ মূৰত উপৰ্যুপৰি আঘাত কৰাত মূৰ ফালি গুৰুতৰ জখম হয় আৰু আনোৱাৰা বেগম মাটিত ঢলি পৰে। ভুক্তভোগী পৰিয়ালৰ অভিযোগ মতে যোৱা দুদিন ধৰি অভিযুক্ত আব্দুল ৰহমানে বোৱাৰী গৰাকীক উদ্ধাৰত বাধা প্ৰদান কৰি চিকিৎসালয়লৈ নিয়াত বাধা প্ৰদান কৰি আহিছিল। সোমবাৰে দেৱস্থান আৰক্ষীয়ে অৱশেষত বোৱাৰী গৰাকীক উদ্ধাৰ কৰি চিকিৎসা প্ৰদানৰ ব্যৱস্থা কৰে।