হোজাই জিলাত 'স্বয়ম' আঁচনিৰ শুভ উদ্বোধনী

হোজাই – হোজাই জিলাত ‘স্বয়ম’ আঁচনিৰ শুভ উদ্বোধনী। শুকুৰবাৰে হোজাই জিলাৰ শংকৰদেৱ নগৰৰ কাছাৰী ময়দানত ‘স্বয়ম’ আঁচনিৰ শুভাৰম্ভ কৰা হয়। শুভাৰম্ভ অনুষ্ঠানত উপস্থিতি থাকে অসম চৰকাৰৰ পাৰ্বত্য উন্নয়ন আৰু খনি বিভাগৰ মন্ত্ৰী চুম ৰংহাং, হোজাই জিলাৰ বিধায়ক শিলাদ্যিত দেৱ আৰু লামডিং সমষ্টিৰ বিধায়ক শিবু মিশ্ৰৰ লগতে জিলা উপায়ুক্ত ড: সদনেক সিং।

শুকুৰবাৰে হোজাই জিলাত আনুষ্ঠানিকভাৱে শুভ উদ্বোধনী কৰা হয় ‘স্বয়ম’ আঁচনিৰ। স্থানীয় উদ্যোগ আৰু গ্ৰাম্য অৰ্থনীতিক সৱলীকৰণৰ লক্ষ্যৰে হাতত লোৱা উক্ত আঁচনিৰ অধীনত জিলাখনৰ নিৰ্বাচিত হিতাধীকাৰীলৈ আনুষ্ঠানিকভাৱে অনুমোদন পত্ৰ বিতৰণ কৰা হয়। এই আঁচনিৰ জৰিয়তে নিবনুৱা যুৱক-যুৱতী সকল যথেষ্ট উপকৃত কৰাৰ উদ্দেশ্যে চৰকাৰে এই আঁচনিখন গ্ৰহণ কৰিছে।

যোৱা বুধবাৰে শিৱসাগৰত শুভাৰম্ভ কৰা হৈছিল ‘স্বয়ম’ আঁচনিৰ। ‘স্বয়ম’ আঁচনিৰ শুভাৰম্ভ কৰিছিল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ‘স্বয়ম’ আঁচনিৰ শুভাৰম্ভ অনুষ্ঠানত উপস্থিত আছিল মন্ত্ৰী যোগেন মহন, ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা আৰু কেইবাজনো বিধায়ক। শিৱসাগৰৰ বৰ্ডিং খেল পথাৰত শুভাৰম্ভ হৈছিল স্বামী বিবেকানন্দ যুৱ সৱলীকৰণ যোজনাৰ অধীনত থকা ‘স্বয়ম’ আঁচনিৰ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,060 other subscribers

Leave a comment

Leave a Reply