হোজাই – হোজাই জিলা উপায়ুক্ত সাদনেক সিঙৰ বিৰুদ্ধে সৰৱ দল সংগঠন৷ উপায়ুক্ত গৰাকীয়ে মইমতালি তথা সাধাৰণ ৰাইজক হাৰাশাস্তি কৰাৰ অভিযোগত আমছু হোজাই জিলা সমিতিৰ সংবাদমেল৷ হোজাই জিলা উপায়ুক্ত সাদনেক সিঙৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিব আমছুৱে৷
অহা ১১ ফেব্ৰুৱাৰীত হোজাই জিলা বন্ধৰ ঘোষণা কৰিছে আমছুৱে৷ হোজাই জিলা উপায়ুক্ত সাদনেক সিঙৰ পক্ষপাতিত্বমূলক আচৰণৰ অভিযোগত আমছুৱে হোজাই জিলা বন্ধ কাৰ্যসূচী ৰূপায়ণ কৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ ঘোষণা কৰিছে। সোমবাৰে এক সংবাদমেল অনুষ্ঠিত কৰি হোজাই জিলা বন্ধৰ কথা ঘোষণা কৰে হোজাই জিলা আমছুৰ সভাপতি কবিৰ আহমেদ লস্কৰ, কাৰ্যকৰী সভাপতি মামুন ৰশ্বিদ, সাধাৰন সম্পাদক ক্ৰমে লুতফুৰ ৰহমান আৰু ৰাজীৱ লস্কৰে৷
উল্লেখ্য যে হোজাই জিলৰ উপায়ুক্ত সাদনেক সিঙে হোজাইত যোগদান কৰাৰ পিছৰে পৰা হোজাইত উন্নয়নমূলক কাম কাজ বন্ধ হৈ থকাৰ অভিযোগ কৰিছে বিভিন্ন দল-সংগঠনে৷ অকল ইমানেই নহয় হোজাইত মাটি কিনা-বেচাৰ প্ৰমান পত্ৰ, জন্ম-মৃত্যুৰ প্ৰমানপত্ৰ আদিৰ অনুমতি প্ৰদান কৰাটো উপায়ুক্ত গৰাকীয়ে বন্ধ ৰখাৰ অভিযোগ উত্থাপন কৰিছে আমছুৱে। স্থানীয় ৰাইজৰ সমস্যাক কোনো গুৰুত্ব প্ৰদান নকৰাৰো অভিযোগ উঠিছে উপায়ুক্ত গৰাকীৰ বিৰুদ্ধে।
হোজাই জিলা উপায়ুক্তৰ কাৰ্যালয়ত দূৰ্নীতিৰ অভিযোগ তুলি সাধাৰণ ৰাইজে কোনো সমস্যা লৈ উপায়ুক্তৰ লগ কৰিব নোৱাৰাৰ ফলত তীব্ৰ হাৰাশাস্তিৰ সন্মুখীন হৈছে হোজাইৰ ৰাইজ বুলিও অভিযোগ কৰে আমছুৱে। উপায়ুক্ত গৰাকীৰ এনে আচৰণৰ বিৰুদ্ধে আমছুৱে তীব্ৰ প্ৰতিবাদী কাৰ্যসুচী ৰূপায়ন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি জানিবলৈ দিয়ে আছুৰ কৰ্মকৰ্তা সকলে।
সংবাদমেলত আমছুৰ কৰ্মকর্তা সকলে উপায়ুক্ত সাদনেক সিঙক তীব্ৰ সমালোচনা কৰা পৰিলক্ষিত হয়। উপায়ুক্ত গৰাকীৰ বিৰুদ্ধে অহা ১১ ফেব্ৰুৱাৰীত হোজাই বন্ধ কাৰ্যসূচী গ্ৰহণ কৰাৰ সমান্তৰালভাৱে আমছুৱে বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিব বুলি সংবাদমেলত জানিবলৈ দিয়ে।