গুৱাহাটী – বিভিন্ন সমস্যাৰে জৰ্জৰিত অ’লা-উবেৰ চালক সকল। সমস্যা সমূহ সমাধানৰ দাবীত অ’লা-উবেৰ চালক সকলৰ আমৰণ অনশন কাৰ্যসূচী। হয় আমাক সহায় কৰক নহ’লে আমাক গুলীয়াই মাৰক ধ্বনিৰে অ’লা-উবেৰ চালক সকলৰ চচলত উত্তাল প্ৰতিবাদ। অ’লা-উবেৰৰ কৰ্তৃপক্ষই চালক সকলক শোষণ কৰি থকাৰ লগতে লুণ্ঠনৰাজ চলাই থকাৰ অভিযোগ।
গুৱাহাটীৰ চচলস্থিত প্ৰতিবাদস্থলীত মঙলবাৰৰ পৰা অ’লা-উবেৰ চালক সকলে আৰম্ভ কৰে আমৰণ অনশন কাৰ্যসূচী। প্ৰশাসনে অ’লা-উবেৰ চালক সকলক আমৰণ অনশন কাৰ্যসূচী চলাই নিয়াৰ পৰিবৰ্তে অনুমতি প্ৰদান কৰিছে প্ৰতিবাদ সাব্যস্ত কৰাৰ। প্ৰশাসনৰ বাধাকো নেওচি আমৰণ অনশন কাৰ্যসূচী চলাই নিয়াৰ হুংকাৰ অ’লা-উবেৰ চালক সকলৰ।
বিভিন্ন দাবী পূৰণ তথা অ’লা-উবেৰৰ কৰ্তৃপক্ষই চালক সকলক শোষণ কৰাৰ লগতে লুণ্ঠনৰাজ চলাই যোৱাৰ অভিযোগত আমৰণ অনশনত বহিল অ’লা-উবেৰৰ চালক সকল। চচলস্থিত প্ৰতিবাদস্থলীত অ’লা-উবেৰৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে দুই শতাধিক অ’লা-উবেৰ চালক সকলে প্ৰতিবাদ সাব্যস্ত কৰে। চালক সকলৰ ওপৰত অ’লা-উবেৰৰ শোষণ আৰু লুণ্ঠনৰাজ বন্ধ কৰক, হয় আমাক সহায় কৰক নহ’লে আমাক গুলীয়াই মাৰক আদি শ্ল’গানেৰে অ’লা-উবেৰ চালক সকলে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে।
অ’লা-উবেৰৰ ভাড়াৰ নিৰ্ধাৰণ কৰা, কোম্পানীৰ কমিচন ১০ শতাংশলৈ হ্ৰাস কৰা, গাড়ীত বুকিং লগা ঠাইৰ পৰা মিটাৰ আৰম্ভ কৰা, কোনো গুৰুতৰ অভিযোগ প্ৰমাণ নোহোৱাকৈ চালকৰ একাউণ্ট বন্ধ কৰাৰ পৰা বিৰত থকা, চালক সকলৰ নিৰাপত্তা সুনিশ্চিত কৰা, চালক সকলৰ লগতে চালকৰ পৰিয়ালৰ চিকিৎসাৰ ক্ষেত্ৰত ই এছ আইৰ ব্যৱস্থা কৰাৰ দাবীত অ’লা-উবেৰ চালক সকলে প্ৰতিবাদ সাব্যস্ত কৰে। অতি শীঘ্ৰে চৰকাৰ তথা অ’লা-উবেৰৰ কৰ্তৃপক্ষই দাবী সমূহ পূৰণ কৰাৰ আহ্বান জনায় চালক সকলে।