গুৱাহাটী – ১ডিচেম্বৰৰ পৰা ৰাজ্য়জুৰি কাৰ্যকৰী হ’ব অৰুণোদয় আঁচনি। বিটিএডি এলেকাক বাদ দি মুঠ ২৯ খন জিলাত এই অৰুণোদয় আঁচনিৰ কাম কাইলৈৰ পৰা আৰম্ভ হ’ব। এই অৰুণোদয়ৰ দ্বাৰা উপকৃত হ’ব ১৮ লাখ ২০ হাজাৰ পৰিয়াল৷ মঙলবাৰে এই আঁচনিৰ পুঁজি লাভ কৰিব হিতাধিকাৰীয়ে৷
সুষম আহাৰ, ঔষধ ক্ৰয়ৰ বাবে চৰকাৰৰ এই সাহায্য লাভ কৰিব৷ প্ৰত্যেক মাহৰ শেষৰ সপ্তাহত লাভ কৰিব ধন হিতাধিকাৰীয়ে৷ এই আঁচনিৰ নামত ৰাজ্য চৰকাৰে ব্যয় কৰিব ১৮০ কোটি টকা আৰু বছৰি ব্যয় হ’ব ২,৪০০ কোটি টকা৷ কোনো চৰকাৰী চাকৰি কৰা ব্যক্তিৰ ঘৰত যদিহে এই আচঁনিৰ ধন লাভ কৰে তেন্তে চাকৰি কৰা ব্যক্তিৰ দৰমহাৰ পৰা এই ধন কৰ্তন কৰা হ’ব বুলি জানিবলৈ দিয়ে মন্ত্ৰী হিমন্ত শৰ্মাই৷
আৰ্থিকভাৱে পিছপৰা পৰিয়াললৈ প্ৰতি মাহত ৮৩০ টকা সাহায্য লাভ কৰিব৷ পোনে পোনে গৃহিণীৰ একাউণ্টত হ’ব অৰুণোদয়ৰ ধনৰ হস্তান্তৰ কৰা হ’ব৷ প্ৰত্যেক হিতাধিকাৰীৰ ঘৰত ‘অৰুণোদয়’ আঁচনিৰ লগ’ লগোৱা হ’ব৷
মঙলবাৰে আমিনগাঁও পেৰেড গ্ৰাউণ্ডত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই আঁচনিৰ আনুষ্ঠানিক শুভাৰম্ভ কৰিব বুলি মন্ত্ৰী হিমন্ত শৰ্মাই জনায়।
ইফালে,ভোটাৰৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি সমষ্টিত হিতাধিকাৰীৰ সংখ্যা নিৰ্ধাৰণ হ’ব।ডেৰ লাখ ভোটাৰ থকা সমষ্টিত ১৫ হাজাৰ, ডেৰৰ পৰা দুই লাখ ভোটাৰ থকাত ১৬ হাজাৰ, দুইৰ পৰা আঢ়ৈ লাখ ভোটাৰ থকাত ১৭ হাজাৰ, আঢ়ৈৰ পৰা তিনি লাখ ভোটাৰত ১৮ হাজাৰ আৰু তিনি লাখৰ অধিক ভোটাৰ থকাত ১৯ হাজাৰ হিতাধিকাৰীয়ে লাভ কৰিব আঁচনিৰ সুবিধা।
আজি জনতা ভৱনত এক সংবাদমেল যোগে বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ে জনায়।