গুৱাহাটী– ১ফেব্ৰুৱাৰীৰ পৰা ৰাজ্যত খুলিব সকলো শিক্ষা প্ৰতিষ্ঠান। প্ৰথম মানৰ পৰা আৰম্ভ কৰি কলেজ, বিশ্ববিদ্যালয় পৰ্যন্ত সকলো শ্ৰেণীৰ পাঠদান নিয়মীয়াকৈ আৰম্ভ হ’ব।

ৰাজ্যত কভিড সংক্ৰমণ হ্ৰাস পোৱাৰ প্ৰতি লক্ষ্য ৰাখি বিদ্যালয়ত পূৰ্ণ পৰ্যায়ৰ পাঠদান আৰম্ভ কৰাৰ বাবে শিক্ষা বিভাগে মুকলি কৰিছে নতুন এছ অ’ পি। নতুন এছ অ’ পিত হোষ্টেল সমূহো খোলাৰ বাবে অনুমতি দিয়া হৈছে। অৱশ্যে যিসকল ছাত্ৰ-ছাত্ৰীয়ে হোষ্টেলত থাকিব বিচাৰে ,তেওঁলোকে অভিভাৱকৰ অনুমতি সাপেক্ষেহে হোষ্টেললৈ উভতিব পাৰিব।

পিছে শিক্ষানুষ্ঠান মুকলি সন্দৰ্ভত পূৰ্বৰ এছ অ’ পি ৰ চৰ্তসমূহ বাহাল থাকিব। নতুন এছ অ’ পি খনত ছাত্ৰাবাস মুকলিৰ সন্দৰ্ভতহে দিয়া হৈছে। নতুন এছ অ’ পি অনুসৰি শ্ৰেণীৰ পাঠদান আৰম্ভ কৰাৰ পূৰ্বে বিদ্যালয়ৰ শ্ৰেণীকোঠা, হোষ্টেলৰ কোঠা আদি সম্পূৰ্ণৰূপে পৰিষ্কাৰ-পৰিচ্ছন্নতা ৰখাৰ গুৰুত্ব আৰোপ কৰিব লাগিব বিদ্যালয়ৰ পৰিচালনা সমিতিৰ লগতে শিক্ষানুষ্ঠানৰ মুৰব্বীয়ে।

হোষ্টেল মুকলিৰ ক্ষেত্ৰত ৰান্ধনীশাল ,শৌচাগাৰ, আহাৰ গ্ৰহণ কৰা কোঠা ,জিৰণিকোঠা আদিও সম্পূৰ্ণকৈ ছেনিটাইজ কৰিব লাগিব। শ্ৰেণীকোঠাৰ পাঠদান আৰু হোষ্টেল মুকলি হ’লেও সামাজিক দূৰত্ব বজাই ৰখাৰ লগতে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰা হৈছে। লগতে বিভিন্ন স্থানৰ পৰা হোষ্টেললৈ আহিবলগা ছাত্ৰ-ছাত্ৰীসকলৰ ভ্ৰমণ বৃত্তান্ত শিক্ষানুষ্ঠানৰ মুৰব্বীয়ে সঠিকভাৱে সংগ্ৰহ কৰোটো বাধ্যতামূলক কৰা হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,877 other subscribers

Leave a comment

Leave a Reply