১মাৰ্চৰ পৰা ৫০ঊৰ্ধৰ ব্যক্তিসকলক দিয়া হ'ব কভিডৰ টিকাকৰণ Credit: প্ৰতিনিধিত্বমূলক ফটো

নিউজ ডেস্ক– অসমত ২৮ ফেব্ৰুৱাৰীৰ ভিতৰত ১০০ শতাংশ স্বাস্থ্যকৰ্মীক ক’ভিড টিকাকৰণ সম্পূৰ্ণ কৰাৰ পৰিকল্পনা কৰা হৈছে। প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ টিকাকৰণৰ পাছতেই ১ মাৰ্চৰ পৰা তৃতীয় পৰ্যায়ত ৫০ঊৰ্ধৰ ব্যক্তিসকলক টিকাকৰণ প্ৰক্ৰিয়া আৰম্ভ কৰা হ’ব।

বৰ্তমান ১.৯ লাখ স্বাস্থ্যকৰ্মী আৰু ১.৮ লাখ আগশাৰীৰ কৰ্মীৰ টিকাকৰণ প্ৰক্ৰিয়া সম্পন্ন কৰা হৈছে। অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ প্ৰধান সচিব সমীৰ কুমাৰ সিনহাই তৃতীয় পৰ্যায়ত ৯০ লাখৰো অধিক ৫০ ঊৰ্ধৰ ব্যক্তিক টিকাকৰণৰ কথা উল্লেখ কৰে।

আনহাতে, অসমত এতিয়ালৈকে COVID-19 টিকাকৰণৰ ফলত কোনো লোকৰ শৰীৰত ঋণাত্মক প্ৰতিক্ৰিয়া পৰিলক্ষিত হোৱা নাই বুলিও উল্লেখ কৰে সমীৰ কুমাৰ সিনহাই।

ইফালে, ১৬ জানুৱাৰীত আৰম্ভ হোৱা টিকাকৰণ অভিযানত ১.৪ লাখতকৈও অধিক স্বাস্থ্যকৰ্মীক সামৰি লোৱা হয় আৰু অসমৰ সকলো জিলাতে ১৬,০০০ৰো অধিক আগশাৰীৰ কৰ্মীক ভেকছিন প্ৰদান কৰা হয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply