নিউজ ডেস্ক– ১মাৰ্চৰ পৰা ৰাজ্যত প্ৰত্যাহাৰ কৰা হ’ব বাধ্যতামূলক ক’ভিড পৰীক্ষা।ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে টুইটাৰ যোগে এই কথা ঘোষণা কৰে। ৰাজ্যত ক’ভিড সংক্ৰমণৰ হাৰ হ্ৰাস পাবলৈ ধৰাত বাধ্যতা মূলক ক’ভিড টেষ্ট বন্ধ কৰাৰ সিদ্ধান্ত লৈছে ৰাজ্যৰ স্বাস্থ্য বিভাগে ।
In view of rapidly declining cases of #COVID19 & given that vaccination is in full swing, GoA has decided to discontinue mandatory testing at rly stations, land routes & airports from March 1, 2021.
It's expected however that people would adhere to #Covid appropriate behaviour.
— Himanta Biswa Sarma (@himantabiswa) February 10, 2021
এই কথাৰ প্ৰতি গুৰুত্ব ৰাখি ১মাৰ্চৰ পৰা ৰে’ল ষ্টেচন, বিমানবন্দৰ আৰু পথ পৰিবহণত বাধ্যতামূলক ক’ভিড টেষ্ট প্ৰত্যাহাৰ কৰা হৈছে। ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে টুইটাৰ যোগে এই কথা প্ৰকাশ কৰিছে।
টুইটাৰযোগে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা মতে, অসমত ক’ভিড সংক্ৰমিত লোকৰ সংখ্যা হ্ৰাস আৰু ৰাজ্যত পূৰ্ণগতিত চলি থকা ক’ভিড ভেকচিন অভিযানৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। অৱশ্যে, এই ক্ষেত্ৰত ক’ভিড প্ৰটকল মানি চলিবলৈও সকলোকে আহ্বান জনাইছে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে। উল্লেখ্য যে ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন অনুসৰি, বৰ্তমানলৈকে ৰাজ্যৰ ১,০৮,৫১২ গৰাকীক স্বাস্থ্যকৰ্মীক ভেকচিন প্ৰদান কৰা হৈছে।