গুৱাহাটী– ২০২১ ৰ বিধানসভা নির্বাচনৰ সময় চমু চাপি অহাৰ লগে লগে বিজেপিৰ মিছন ১০০+ কার্যক্ষেত্রত ৰূপায়ণৰ বাবে তৎপৰ হৈ পৰিছে গেৰুৱা দলটো৷ ৰাজ্যিক বিজেপিৰ প্রভাৰী হিচাপে নিযুক্তি দিয়া দলৰ ৰাষ্ট্রীয় উপ–সভাপতি বৈজয়ন্ত জয় পাণ্ডাই সহঃ প্রভাৰী পৱন শর্মা সৈতে গুৱাহাটীত ৰাজ্যিক নেতৃত্বৰে ৰণকৌশলত ব্যস্ত |
প্ৰথম দিনা বিভিন্ন দলীয় সাংগঠনিক আলোচনা কৰাৰ পিছত বৃহস্পতিবাৰেও কলাক্ষেত্ৰৰ শংকৰদেৱ প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’ব লগিয়া কৃষক সন্মিলনত অংশগ্ৰহণ কৰিব ৷
বিয়লীৰ ভাগত কলাক্ষেত্ৰৰ বাণীকান্ত কাকতি প্ৰেক্ষাগৃহত এক সংবাদ মেল সম্বোধন কৰি সন্ধিয়া দিল্লীলৈ উভতিব | ইফালে ২৬ ডিচেম্বৰত গুৱাহাটীলৈ আহিব গৃহ মন্ত্ৰী অমিত শ্বাহ | চৰকাৰী কাৰ্যসূচীৰ লগতে দলীয় কাৰ্যসূচীতো অংশ ল’ব। মিত্ৰ দল অগপৰ সৈতেও প্ৰাৰম্ভিক আলোচনাত মিলিত হোৱাৰ কথা। দুই প্ৰভাৰীৰ লগতে কেন্দ্ৰীয় নেতা অজয় জামোৱালে ৰাজ্যৰ সভাপতি সহ সকলো নেতৃত্বৰ সৈতে মিলিত হৈ কেনেদৰে ১০০+ ৰ লক্ষ্যত উপনীত হব পাৰি তাৰ বাবে কৌশল আৰম্ভ কৰিছে |