গুৱাহাটী – ১১ জানুৱাৰীত অসমলৈ আহিব নিৰ্বাচন আয়োগৰ দল। অসমত আগন্তক বিধানসভা নিৰ্বাচন অনুষ্ঠিত কাৰৰ বাবে অসমলৈ আহিব নিৰ্বাচন আয়োগৰ দল। দুদিনীয়া ভ্ৰমণ কাৰ্যসূচীত নিৰ্বাচন আয়োগৰ দলটো আৰক্ষী আৰু প্ৰশাসনৰ লগত মিলিত হ’ব আলোচনাত।
বহাগ বিহুৰ পূৰ্বে অসমত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা। অসম বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ অসমলৈ অহা ১১ জানুৱাৰীত ৰাজ্যলৈ আহিব নিৰ্বাচন আয়োগৰ দল। ১১ তাৰিখে ডিব্ৰুগড়ত উপস্থিত হ’ব নিৰ্বাচন আয়োগৰ দলটো। ডিব্ৰুগড়ত নিৰ্বাচন আয়োগৰ দলটোৰ মিলিত হ’ব আৰক্ষী আৰু প্ৰশাসনৰ লগত আলোচনাত।
১২ জানুৱাৰীত নিৰ্বাচন আয়োগৰ দলটো গুৱাহাটীত মুখ্য সচিব, আৰক্ষী সঞ্চালক প্ৰধানৰ লগতে উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক সকলৰ লগত আলোচনাত মিলিত হ’ব। অসমত বিধানসভা নিৰ্বাচন অনুষ্ঠিত কৰা সন্দৰ্ভত নিৰ্বাচন আয়োগৰ দলটো বিভিন্ন আলোচনাত মিলিত হ’ব।
নিৰ্বাচন আয়োগৰ দলটো ডিব্ৰুগড় আৰু গুৱাহাটীত আৰক্ষী আৰু প্ৰশাসনৰ লগত আলোচনাত মিলিত হৈ দিল্লীত দাখিল কৰিব আলোচনাৰ প্ৰতিবেদন। নিৰ্বাচন আয়োগৰ দলটোৰ প্ৰতিবেদনৰ ওপৰত নিৰ্ভৰ কৰি অসমত অনুষ্ঠিত কৰা হ’ব বিধানসভা নিৰ্বাচন। বহাগ বিহুৰ পুৰ্বেই অসম বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ সম্ভাৱনা আছে।