অসম বিধানসভা

নিউজ ডেস্ক: চলিত বিধানসভাৰ অন্তিমখন অধিবেশন অহা ১১ ফেব্রুৱাৰীৰ পৰা আৰম্ভ হ’ব৷ ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে এক অধিসূচনাযোগে এই অধিৱেশনৰ দিন ঘোষণা কৰিছে৷ বৰ্তমানৰ সৰ্বানন্দ সোনোৱাল চৰকাৰৰ এইখনেই হ’ব অন্তিম অধিবেশন |

ৰাজ্যপালৰ ভাষণেৰে আৰম্ভ হ’বলগীয়া এই অধিৱেশনতে আসন্ন বিধানসভা নির্বাচনৰ পৰিপ্রেক্ষিতত ৰাজ্যৰ বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ২০২১–২২ বিত্তীয় বর্ষৰ প্রথম তিনিটা মাহৰ বাবে লেখানুদান দাখিল কৰিব৷

ৰাজ্যপালৰ অধিসূচনা

অসম বিধানসভাৰ ফালৰ পৰা জানিবলৈ দিয়া মতে,অন্তিমখন বিধানসভাৰ অধিৱেশন কিমানদিনীয়া হ’ব সেয়া বিধানসভাৰ কার্য উপদেষ্টা পৰিষদে চূড়ান্ত কৰিব |

উল্লেখ্য যে এয়ে যে এই অধিৱেশনখনেই বর্তমানৰ চৰকাৰৰ অন্তিমখন অধিৱেশন৷ ৩১ মে’ত বৰ্তমানৰ বিধানসভাৰ কাৰ্যকাল শেষ হ’ব |

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,988 other subscribers

Leave a comment

Leave a Reply