গুৱাহাটী – অসমৰ আঞ্চলিকতাবাদী ৰাজনীতিক প্ৰতিনিধিত্ব কৰা অন্যতম ৰাজনৈতিক দল অসম গণ পৰিষদ দলৰ প্ৰতিষ্ঠা দিৱস অহা ১৪ অক্টোবৰ তাৰিখে ৰাজ্যজুৰি পালন কৰা হ’ব। লগতে প্ৰতিষ্ঠা দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠান দেৰগাওঁত অনুষ্ঠিত হ’ব। দেৰগাৱঁৰ ওপৰ দেউৰী গাৱঁৰ ৰঙ্গমঞ্চ আৰু খেলপথাৰত উদযাপন কৰা হ’ব এই কেন্দ্ৰীয় অনুষ্ঠান।

অসম আন্দোলনৰ পটভূমিত ১৯৮৫ চনৰ ১৪ অক্টোবৰ তাৰিখে গোলাঘাট চহৰত অসম গণ পৰিষদ দলে জন্মলাভ কৰিছিল । সুদীৰ্ঘ ৩৬টা বছৰে আঞ্চলিক দল অসম গণ পৰিষদে অসমৰ ৰাজনীতিত এক বিশেষ ভূমিকা গ্ৰহণ কৰি অহাৰ লগতে দলটোৱে ১৯৮৫ আৰু ১৯৯৬ত দুবাৰকৈ ৰাজ্যৰ ক্ষমতাত অধিষ্ঠিত হৈছিল ।

এইবাৰ প্ৰতিষ্ঠা দিৱস প্ৰত্যেকটো বিধান সভা সমষ্টিতে বিধান পৰিষদসমূহৰ উদ্যোগত অনুষ্ঠিত হ’ব । দেৰগাৱঁৰ কেন্দ্ৰীয় কাৰ্য্যসূচীত উপস্থিত থাকিব দলৰ সভাপতি অতুল বৰা, কায্যকৰী সভাপতি কেশৱ মহন্ত, জ্যেষ্ঠ নেতা ফণীভূষণ চৌধুৰী প্ৰমুখ্যে বহুসংখ্যক শীৰ্ষ নেতা উপস্থিত থকাৰ লগতে কে’বাজনো বিশিষ্ট লোক ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply