প্ৰতিনিধিত্বমূলক ছবি ||

গুৱাহাটী – অসম বিধানসভা নিৰ্বাচন সমাগত। তাৰ লগে লগে ৰাজ্যিক নিৰ্বাচন আয়োগো তৎপৰ হৈ উঠিছে। ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া নীতিন খাড়েই কালি গুৱাহাটীত এখন সংবাদমেল সম্বোধন কৰে। অহা বছৰ ৰাজ্যত হ’বলগীয়া বিধানসভা নিৰ্বাচনত প্ৰতিগৰাকী ভোটাৰক নিজৰ ভোটাধিকাৰ সাৱ্যস্ত কৰি দেশৰ গণতান্ত্ৰিক ব্যৱস্থা শক্তিশালী কৰিবলৈ আহ্বান জনায় ৷

নীতিন খাড়েই খচৰা ভোটাৰ তালিকাত ফটো সংলগ্ন কৰি অতি সোনকালে চূড়ান্ত তালিকা প্ৰকাশ কৰা হ’ব বুলিও উল্লেখ কৰে। নাম সংশোধন, নাম কৰ্তন আৰু ভোটকেন্দ্ৰ সালসলনিৰ ক্ষেত্ৰত জনসাধাৰণে ১৮ নৱেম্বৰৰ পৰা ১৬ ডিচেম্বৰলৈ আবেদন কৰিব পাৰিব। তদুপৰি শেহতীয়াকৈ প্ৰকাশ কৰা খচৰা ভোটাৰ তালিকাৰ পাছত উত্থাপিত দাবী-আপত্তিসমূহ সোনকালে নিষ্পত্তি কৰাৰ বাবে ক্ষীপ্ৰতাৰে ব্যৱস্থা গ্ৰহণ কৰা হ’ব। তদুপৰি অনলাইন যোগেও ইচ্ছুক ব্যক্তিয়ে তেওঁলোকৰ দাবী-আপত্তি দাখিল কৰিব পাৰিব।

উল্লেখ্য যে ২০২১চনৰ ১৫ জানুৱাৰীত ৰাজ্যখনৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ পাব বুলি জানিবলৈ দিয়ে মুখ্য নিৰ্বাচনী বিষয়া নীতিন খাড়েই।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply