গুৱাহাটী – কোৰোনা মহামাৰীৰ বাবে স্থগিত হৈ থকা বিটিচি পৰিষদীয় নিৰ্বাচন সন্দৰ্ভত কালি ৰাজ্যিক কেবিনেটে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। বিটিচি নিৰ্বাচন অনুষ্ঠিত নোহোৱা পৰ্যন্ত ৰাজ্যপালৰ শাসন বাহাল ৰখাৰ বাবে কেবিনেটে অনুমোদন জনায়। লগতে বিটিচি নিৰ্বাচন প্ৰক্ৰিয়া অহা ১৫ ডিচেম্বৰৰ ভিতৰত সম্পূৰ্ণ কৰাৰ বাবে ৰাজ্যিক নিৰ্বাচন আয়ুক্তক অনুৰোধ জনোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

উল্লেখ্য যে বিগত মাৰ্চ মাহতে হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিটিচি প্ৰশাসনৰ কাৰ্যকাল উকলি যোৱাৰ পিছৰে পৰা ৰাজ্যৰ ৰাজ্যপাল জগদীশ মুখীৰ দায়িত্বত আছে বিটিচি। সেয়েহে শীঘ্ৰেই এই নিৰ্বাচন সম্পন্ন কৰাৰ পক্ষপাতী ৰাজ্য চৰকাৰ।

ইফালে কালি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাত অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত মন্ত্ৰী পৰিষদৰ বৈঠকত গৰু খাদ্যৰ বাবে প্ৰয়োজনীয় পুঁজিৰ ব্যৱধান পূৰণৰ বাবে আজিৰ মন্ত্ৰী পৰিষদৰ বৈঠকে গো-শালাসমূহক বিত্তীয় সাহায্য আগবঢ়োৱাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে। লগতে গৰুৰ চোৰাং সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান চলাবলৈ গৈ নিহত হোৱা আৰক্ষী কনিষ্টবল ৰমেন দাসৰ নিকটাত্মীয়লৈ দহ লাখ টকাৰ এককালীন সাহায্য প্ৰদানৰ বাবে আজিৰ মন্ত্ৰী পৰিষদৰ বৈঠকে সিদ্ধান্ত গ্ৰহণ কৰে।

মাজুলী সংযোগী দলং নিৰ্মাণৰ বাবে ব্যৱহৃত হ’বলগীয়া বালি, ষ্টিল, বিটুমিন আদিৰ ক্ষেত্ৰত ৰাজ্যিক জিএছটি ৰয়েল্টী আৰু স্থানীয় কৰ ৰেহাই দিয়াৰ বাবে আজিৰ মন্ত্ৰী পৰিষদৰ বৈঠকে অনুমোদন জনায়। মাজুলী সংযোগী দলঙৰ এপ্ৰ’চ পথৰ বাবে ভূমি অধিগ্ৰহণৰ ব্যয় ৰাজ্য চৰকাৰে বহন কৰাৰ দিশতো আজিৰ মন্ত্ৰী পৰিষদৰ বৈঠকে অনুমোদন জনায়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,054 other subscribers

Leave a comment

Leave a Reply