শিৱসাগৰ – ১৭৫ বৰ্ষ গৰকা শিৱসাগৰৰ গীৰ্জাত জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে এজাক তৰুণৰ শ্ৰমদান। শিৱসাগৰত এজাক যুৱকৰ প্ৰশংসনীয় পদক্ষেপ। বৰদিন উপলক্ষে জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে গীৰ্জাত এজাক তৰুণৰ শ্ৰমদান।
বৰদিনলৈ মাজত মাত্ৰ কেইটামান ঘন্টা, চৌদিশে উচাহ-উদ্দীপনাৰ পৰিৱেশ। সমগ্ৰ বিশ্বৰ লগতে ৰাজ্যৰো গীৰ্জাই গীৰ্জাই চলিছে বৰদিন উদযাপনৰ প্ৰস্তুতি। ইয়াৰ মাজতে এইবাৰ বজৰং দলৰ হুংকাৰ হিন্দু ধৰ্মাৱলম্বীয়ে অংশ নল’ব বৰদিনত। অংশ ল’লে ভয়ংকৰ পৰিণামৰো ভাবুকি বজৰং দলৰ ৰাষ্ট্ৰীয় আহ্বায়ক চৌহান সিং সোলাস্কিৰ।
বজৰং দলৰ হুংকাৰৰ বিপৰীতে শিৱসাগৰত বুধবাৰে দেখা গ’ল অন্য এক ব্যতিক্ৰমী ছবি। বৰদিন উপলক্ষে বীৰ লাচিত সেনাৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই গীৰ্জাঘৰ চাফাই অভিযানত নামিল জাতি-ধৰ্ম নিৰ্বিশেষে শতাধিক তৰুণে।
গীৰ্জা চাফাই অভিযানত অংশগ্ৰহণ কৰি সম্প্ৰীতিৰ মহামিলনৰ ভূমি খ্যাত শিৱসাগৰত পুনৰ সমন্বয়ৰ নিদৰ্শন দাঙি ধৰিলে এজাক তৰুণে। বৰদিন উপলক্ষে ১৮৪৫ খ্ৰীষ্টাব্দতে নিৰ্মিত তথা ১৭৫ বৰ্ষ গৰকা শিৱসাগৰ বৰপুখুৰী পাৰস্থিত উত্তৰ-পূৱৰ দ্বিতীয়টো পুৰণি গীৰ্জাত জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে এজাক তৰুণে কৰিলে শ্ৰমদান।
উল্লেখ্য যে ৰাজনীতিৰ গ্ৰাসত পৰি একাংশই ধৰ্মৰ নামত সমাজ বিভাজিত কৰাৰ কু-অভিসন্ধিত নামি পৰাৰ বিপৰীতে শিৱসাগৰত এইসকল তৰুণৰ এই কাৰ্যই কঢ়িয়াইছে আশাৰ বতৰা।নিশ্চিতকৈ এই পদক্ষেপে পুনৰ প্ৰমাণিত কৰিলে যে অসম তথা শিৱসাগৰত সাম্প্ৰদায়িক বিষবাষ্প বিয়পাব বিচৰা সকলৰ স্থান নাই।