প্ৰতিনিধিত্বমূলক ছবি

গুৱাহাটী – বিটিআৰ নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰাৰ সমান্তৰালকৈ তিৱা স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনৰ দিন ঘোষণা কৰিছে ৰাজ্যিক নিৰ্বাচন আয়োগে। কালি প্ৰকাশ কৰা জাননী অনুসৰি ডিচেম্বৰ মাহৰ ১৭ তাৰিখে তিৱা স্বায়ত্ত্বশাসিত পৰিষদৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। এদিন পিছতেই অৰ্থাৎ ১৯ ডিচেম্বৰত হব ভোটগণনা।

সংশ্লিষ্ট নিৰ্বাচনত অৱতীৰ্ণ হ’বলৈ বিচৰা প্ৰাৰ্থীসকলে ২৫ নৱেম্বৰৰ ভিতৰত মনোনয়ন পত্ৰ দাখিল কৰিব লাগিব। ২৬ নৱেম্বৰত মনোনয়ন পত্ৰ সমূহ পৰীক্ষা কৰা হব। ইফালে ২৮ নৱেম্বৰ তাৰিখ হ’ব মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন। উক্ত দিনাই নিৰ্বাচনত অবর্তীর্ণ হ’ব লগা চূড়ান্ত প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰা হ’ব ৷

উল্লেখ্য যে নগাঁও, হোজাই আৰু কামৰূপ মহানগৰ জিলাকে ধৰি মুঠ ৩৬টা পৰিষদৰে গঠিত তিৱা স্বায়ত্বশাসিত পৰিষদ ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply