নতুন জাৰ্চি পিন্ধি চেল্ফি উঠি টুইটাৰত প'ষ্ট কৰিলে ক্ৰিকেটাৰ শিখৰ ধাৱানে

নিউজ ডেস্ক – নতুন সাজেৰে সাজু এইবাৰ টীম ইণ্ডিয়া। ২৭নৱেম্বৰৰ পৰা অনুষ্ঠিত হ’বলগীয়া ভাৰত-অষ্ট্ৰেলিয়াৰ মাজৰ এদিনীয়া শৃংখলাৰ খেলখনত ভাৰতে পৰিধান কৰিব ১৯৯২চনৰ বিশ্বকাপ ক্ৰিকেটত পৰিধান কৰা সেই জাৰ্চি।

ভাৰতীয় অপেনাৰ শিখৰ ধাৱানে মঙলবাৰে এই সন্দৰ্ভত নিশ্চিত কৰিব। ইতিমধ্যে তেওঁ ছচিয়েল মিডিয়াত এখন চেল্ফি শ্বেয়াৰ কৰিছে। চেল্ফি খনত শিখৰ ধাৱানে পৰিধান কৰিছে ১৯৯২চনৰ এদিনীয়া বিশ্বকাপৰ সেই জাৰ্চি।

এই নতুন জাৰ্চিটো নীলা বৰণৰ ,কান্ধত আছে ৰঙা,বগা আৰু সেউজীয়া ৰঙৰ আঁচ।টুইটাৰত ফটোখন প’ষ্ট কৰি তেওঁ কেপচনত লিখে ,’নতুন জাৰ্চি,নতুন উদ্যমেৰে আগবাঢ়িবলৈ সাজু’ ।

ভাৰতৰ এই নতুন জাৰ্চিটো ‘sponsor’ কৰিব বাইজুছ আৰু এম পি এলয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply