গুৱাহাটী- ১জানুৱাৰীৰ পৰা ৰাজ্য়ত খুলিব প্ৰাথমিক পৰ্যায়ৰ সকলো শিক্ষানুষ্ঠান। ৰাজ্য়বাসীৰ বহু প্ৰতীক্ষাৰ অন্তত নাৰ্চাৰীৰ পৰা সকলো পৰ্যায়ৰ শ্ৰেণী সমূহ ১জানুৱাৰীৰ পৰা আৰম্ভ হোৱাৰ কথা আজি জনতা ভৱনৰ এক সংবাদমেলত ঘোষণা কৰে শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰা কৰোণা ভাইৰাছৰ পৰিপ্ৰেক্ষিতত ৰাজ্য়জুৰি বন্ধ হৈ আছিল শিক্ষানুষ্ঠানসমূহ। ৰাজ্য় চৰকাৰৰ নিৰ্দেশনা অনুযায়ী ২নৱেম্বৰৰ পৰা ষষ্ঠ শ্ৰেণীৰ পৰা উচ্চশিক্ষাৰ পৰ্যায়ৰ সকলোবোৰ শিক্ষানুষ্ঠানৰ পাঠদান আৰম্ভ হয়। কিন্তু বন্ধ আছিল প্ৰাথমিক পৰ্যায়ৰ পাঠদান।
এতিয়াৰে পৰা সকলো খুলিব। এই ক্ষেত্ৰতো থাকিব নিয়ম। দিন অনুযায়ী হে খুলিব শিক্ষানুষ্ঠান। প্ৰতিদিনে কেৱল মাত্ৰ দুটা কৈহে শ্ৰেণী বহিব।
আনহাতে ১৫ ডিচেম্বৰৰ পৰা সীমিত সংখ্যক হোষ্টেল খোলা হব। অৱশ্যে ফাইনেল বৰ্ষৰ ছাত্ৰ-ছাত্ৰী বোৰ হে আহিব পাৰিব হোষ্টেললৈ। যেনে ,স্নাতক পৰ্যায়ৰ শিক্ষাৰ্থী, দশম, দ্বাদশ আৰু তেনেধৰণৰ উচ্চ শিক্ষাৰ শিক্ষাৰ্থীসকল।
এই নতুন সিদ্ধান্তৰ বিষয়ে শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি সদৰী কৰে।