গুৱাহাটী – আজি অসম চৰকাৰে ২৪ খন জিলাত ১ লাখ খিলঞ্জীয়া ভূমিহীন ভূমিপুত্রক মাটিৰ পট্টা প্রদান কৰে৷ বিভিন্ন ৰাজ্যত বিভিন্ন মন্ত্ৰীয়ে হিতাধিকাৰীসকলৰ মাজত মাটিৰ পট্টা প্ৰদান কৰে। কালি এই সন্দৰ্ভত মৰাণত আয়োজিত এক সংবাদমেলত এই মাটি পট্টা বিতৰণৰ কথা ঘোষণা ককৰিছিল ৰাজহ আৰু দুযোর্গ প্রশমন বিভাগৰ ৰাজ্যিক মন্ত্রী যোগেন মহনে৷
সেই অনুসৰি আজি মাজুলীত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে ৩৫৭৮ জন লোকক ভূমিপট্টা প্রদান কৰে৷ যোৰহাটত স্বাস্থ্য আৰু শিক্ষামন্ত্রী হিমন্ত বিশ্ব শর্মাই, ডিব্রুগড়ত কেন্দ্রীয় মন্ত্রী ৰামেশ্বৰ তেলীয়ে, বৰপেটাত ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে, নলবাৰীত মন্ত্রী চন্দ্র মোহন পাটোৱাৰীয়ে আৰু সাংসদ বিশ্বজিৎ দৈমাৰীয়ে ভূমিপট্টা প্ৰদান কৰে।
ইফালে লখিমপুৰত নৱ কুমাৰ দলেই, গোলাঘাটত মন্ত্রী অতুল বৰাই, কাছাৰত মন্ত্রী পৰিমল শুক্লবৈদ্যই, নগাঁৱত কেশৱ মহন্ত আৰু সাংসদ ভুৱনেশ্বৰ কলিতাই, কামৰূপত ভৱেশ কলিতা আৰু কুইন ওজাই, বিশ্বনাথত ৰঞ্জিত দত্ত আৰু সাংসদ বীৰেন্দ্র প্রসাদ বৈশ্যই, ধেমাজিত সাংসদ প্রদান বৰুৱাই, চৰাইদেউত সাংসদ তপন কুমাৰ গগৈয়ে, শোণিতপুৰত পল্লৱ লোচন দাসে, হাইলাকান্দিত ৰিহন দৈমাৰীয়ে আৰু দৰঙত সাংসদ দিলীপ শইকীয়াই ভূমি পট্টা প্ৰদান কৰে।
তেনেদৰে কৰিমগঞ্জত কৃপানাথ মাল্লা, বঙাইগাঁৱত ফণীভূষণ চৌধুৰী, হোজাইত সিদ্ধার্থ ভট্টাচার্য, গোৱালপাৰাত চন্দন ব্রহ্ম, মৰিগাঁৱত পীয়ুষ হাজৰিকা, ধুবুৰীত প্রমীলা ৰাণী ব্রহ্ম, শিৱসাগৰত যোগেন মহন আৰু তিনিচুকীয়াত সঞ্জয় কিষাণে ভূমি পট্টা প্রদান কৰে৷ এই পট্টাত মুঠ আঠ বিঘা মাটি থাকিব।
উল্লেখ্য যে ৰাজ্য চৰকাৰে পৰৱর্তী সময়ত আৰু অধিক লোকক ভূমি পট্টা প্রদান কৰাৰ বাবে চেষ্টা চলোৱাৰ লগতে চাহ বাগিচাৰ লোকসকলকো ভূমি পট্টা প্রদানৰ চেষ্টা কৰা হ’ব৷ শীঘ্ৰেই অসমৰ বাগিচাসমূহত ১১৯খন হাইস্কুলো স্থাপন কৰা হ’ব।