কৰিমগঞ্জৰ বিজেপিৰ ৰাজ্যিক কাৰ্যনিবাহকত হিমন্তবিশ্ব শৰ্মা

কৰিমগঞ্জ:- বিজেপিৰ ৰাজ্যিক কাৰ্যনিবাহকৰ দ্বিতীয় দিনা অংশ লৈ ৰাজ্যৰ প্ৰভাবশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি কৰ্মীসকলৰ উদ্দেশ্য কৰি মন্তব্য ,’২০২১ত মন্ত্ৰী, মুখ্যমন্ত্ৰী হোৱাৰ লক্ষ্যৰে নহয়, ঔৰংজেৱক খেদিবলৈ সকলো একোজন লাচিত হোৱাৰ লক্ষ্য লওক’ |

বিটিচিৰ নিৰ্বাচনৰ প্ৰসংগ উল্লেখ কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, ‘ বিজেপিৰ অশ্বমেধৰ যজ্ঞ সম্পন্ন কৰিলে। আজি সমগ্ৰ অসমতে বিজেপিয়ে বিজয়ধ্বজা উৰুৱাবলৈ সক্ষম হৈছে। বড়োলেণ্ডৰ বিজয়ে নিশ্চিত কৰিছে ২১ত বিজেপিৰ চৰকাৰ হ’ব। কোৰোণা, ল’কডাউনৰ সময়ত যেনেদৰে বিজেপিৰ কাৰ্যকৰ্তাসকলে ৰাইজক সহায় কৰিছিল তাৰবাবে প্ৰধানমন্ত্ৰীয়ে প্ৰশংসা কৰিছিল। জাতি, মাটি ৰক্ষাৰে অসমক ভাৰতৰ ৫খন শ্ৰেষ্ঠ ৰাজ্য কৰাৰ প্ৰাকমুহুৰ্তত আমি থিয় হৈছো।’

জনসংঘৰ দিনৰ পৰা যিসকলৰ ত্যাগে বিজেপিক আজিৰ পৰ্যায়লৈ আনিলে তেওলোকক সোঁৱৰি মন্ত্ৰী শৰ্মাই কয়, ‘সন্মুখত প্ৰত্যাহ্বান আছে, বিজেপি কিন্তু কেৱল এটা ৰাজনৈতিক দল নহয়, বিজেপিত আমি যোগ দিছিলো এটা লক্ষ্য উদ্দেশ্য লৈ, শাসনৰ বাঘজৰী হাতত ল’ম বুলি নহয়।’

সভাত দলীয় সতীৰ্থক উদ্দেশ্যি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চৰকাৰ গঠন কৰাৰ পিছৰে পৰা হাতত লোৱা বিভিন্ন উন্নয়নমূলক আঁচনিৰ বিষয়েও উল্লেখ কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply