নিউজ ডেস্ক– ২০২১ বৰ্ষৰ দাদা চাহেব ফাল্কে বঁটা বিজয়ীৰ নাম ঘোষণা। এইবাৰৰ শ্ৰেষ্ঠ অভিনেতা- অভিনেত্ৰীৰ সন্মান লাভ কৰিছে অক্ষয় কুমাৰ আৰু দীপিকা পাডুকনে।
এচিড আক্ৰমণৰ বলী হোৱা দিল্লীৰ লক্ষ্মী আগৰৱালৰ জীৱনৰ আধাৰত নিৰ্মাণ কৰা ”চপাক” চিনেমাখনত ”লক্ষ্মী” ভূমিকাত কৰা বলিষ্ঠ অভিনয়ৰ বাবে দীপিকালৈ আগবঢ়োৱা হৈছে এই সন্মান। আনহাতে ”লক্ষ্মী” ছবিখনৰ বাবে অক্ষয় কুমাৰে লাভ কৰিছে শ্ৰেষ্ঠ অভিনেতাৰ সন্মান। অভিনেতা ধৰ্মেন্দ্ৰলৈ আগবঢ়োৱা হয় জীৱন-যোৰা সাধনা বঁটা।
ইফালে মৰণোত্তৰ ভাৱে সমালোচকৰ শ্ৰেষ্ঠ অভিনেতাৰ সন্মান আগবঢ়োৱা হয় সুশান্ত সিং ৰাজপুতলৈ। ইয়াৰ বিপৰীতে কিয়াৰা আদৱানীয়ে লাভ কৰে সমালোচকৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান।
‘লুডু’ ছবিৰ বাবে শ্ৰেষ্ঠ পৰিচালকৰ সন্মান অনুৰাগ বসুলৈ। লগতে শ্ৰেষ্ঠ ছবিৰ বঁটা- ‘তানহাজী’ আৰু ‘দা আনচাং ৱাৰিয়ৰ’।

আনহাতে শ্ৰেষ্ঠ ৱেব ছিৰিজৰ বঁটা লাভ কৰে ”স্কেম-১৯৯২”, ৱেব ছিৰিজ ”আশ্ৰম” ত কৰা অভিনয়ৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ সন্মান লাভ কৰে অভিনেতা ববী দেউলে, ”আৰ্য্য়” ৱেব ছিৰিজত কৰা অভিনয়ৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান লাভ কৰে সুস্মিতা সেনে।

”ষ্টাইল দিবা অৱ দ্য় ইয়েৰ” ৰ সন্মান লাভ কৰে প্ৰযোজক প্ৰয়াত গুলছন কুমাৰৰ বোৱাৰী তথা টি-ছিৰিজৰ সঞ্চালক প্ৰধান ভূষণ কুমাৰৰ পত্নী দিব্য়া খোছলা কুমাৰে।
সৰু পৰ্দাৰ শ্ৰেষ্ঠ ছিৰিয়েলৰ বঁটা লাভ কৰে ”কুণ্ডলী ভাগ্য”য়ে। লগতে সৰু পৰ্দাৰ শ্ৰেষ্ঠ অভিনেতা- অভিনেত্ৰীৰ সন্মান লাভ কৰে ধীৰজ ধুপৰ আৰু সুৰভি চন্দ্ৰাই।