জাপানৰ ৰাষ্ট্ৰদূত সাতুচি ছুজুকীৰ খাৰঘূলিস্থিত জাইকা পানী যোগান প্ৰকল্প পৰিদৰ্শন Credit: ২০২২ চনত গুৱাহাটীবাসীয়ে ঘৰে ঘৰে পাব খোৱাপানী

নিউজ ডেস্ক: জাপান ইণ্টাৰনেচনেল কো–পাৰেচন এজেন্সী (জাইকা)ৰ অর্থ সাহায্যৰে গুৱাহাটীত নির্মীয়মাণ পানী যোগান আঁচনিৰ পর্যালোচনা কৰিবলৈ কেন্দ্রীয় বৈদেশিক মন্ত্রী ড০ জয়শংকৰ আৰু জাপানৰ ৰাষ্ট্রদূত সাতুচি ছুজুকীয়ে দুদিনীয়া ভ্ৰমনসূচীৰে অসম ভ্ৰমন কৰে৷

সোমবাৰে জাপানৰ ৰাষ্ট্ৰদূত সাতুচি ছুজুকীয়ে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে খাৰঘূলিস্থিত জাইকা পানী যোগান প্ৰকল্প পৰিদৰ্শন কৰে। এই প্ৰকল্প পৰিদৰ্শন কৰিয়েই টুইটযোগে ৰাষ্ট্ৰদূতগৰাকীয়ে অসমৰ সৈতে জাপানে এই প্ৰকল্পত সহযোগ কৰিবলৈ পায় আনন্দ অনুভৱ কৰা বুলি মন্তব্য কৰে।

ইয়াৰ পিছতে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত জাপান-ভাৰত সহযোগিতা সম্পৰ্কত অনুষ্ঠিত হয় এখন আলোচনা চক্ৰ। এই আলোচনা চক্ৰত ৰাষ্ট্ৰদূতগৰাকীৰ সৈতে উপস্থিত থাকে কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, চন্দ্ৰমোহন পাটোৱাৰীৰ লগতে আন আন লোকসকল। এই আলোচনাতে এক্ট ইষ্ট পলিচী সম্পর্কীয় ভাৰত, ম্যানমাৰ, থাইলেণ্ড সংযোগী ত্রিপাক্ষিক হাইৱে সম্পূৰ্ণ হোৱাৰ পথত বুলি প্ৰকাশ কৰে মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে।

মা কামাখ্যাৰো আশীষ লয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে

উল্লেখ্য যে, পানী যোগান আঁচনি পৰিদৰ্শনৰ পূৰ্বে মা কামাখ্যাৰো আশীষ লয় জাপানৰ ৰাষ্ট্ৰদূত সাতুচি ছুজুকী আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে। মন্দিৰত দুয়োগৰাকীক সংগ দিয়ে হিমন্ত বিশ্ব শৰ্মা আৰু সিদ্ধাৰ্থ ভট্টাচাৰ্যই।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply