অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত সমগ্ৰ ৰাজ্যত অব্যাহত আছে অপাৰেশ্যন বাল্যবিবাহ। বৰ্তমানলৈ ৰাজ্যজুৰি আটক ২ সহস্ৰাধিক লোক। কিন্তু ইয়াৰ সমান্তৰালভাৱে পোহৰলৈ আহিছে আন এক তথ্য। ২০২২ বৰ্ষত ১৭ শতাংশ কিশোৰীয়ে গৰ্ভধাৰণ কৰিছিল। এই কথা প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

Reproductive and Child Health চমুকৈ RCHৰ তথ্য অনুসৰি ২০২২ চনত পঞ্জীয়নভুক্ত গৰ্ভৱতী মহিলাৰ সংখ্যা আছিল ৬,২০,৮৬৭ গৰাকী। সোমবাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে যোৱাবছৰ অসমত পঞ্জীয়নভুক্ত হোৱা ৬.২ লাখতকৈ অধিক গৰ্ভৱতী মহিলাৰ ১৭ শতাংশই আছিল কিশোৰী।

তথ্য অনুসৰি মুঠ গৰ্ভধাৰণৰ ভিতৰত ১ লাখ ৪ হাজাৰ ২৬৪ গৰাকী বয়স ১৯ বছৰ বা তাতোকৈ কম আছিল। যাৰ ভিতৰত ১৬.৭৯ শতাংশ প্ৰত্যাশিত মাতৃ আছিল।

টুইটযোগে তেওঁ কয়, “ জনস্বাস্থ্য আৰু জনকল্যাণৰ বাবে বাল্য বিবাহৰ বিৰুদ্ধে আমাৰ অভিযান। কিয়নো অসমত কিশোৰী গৰ্ভধাৰণৰ অনুপাত যথেষ্ট উদ্বেগজনক। আমি আমাৰ উদ্দেশ্য পূৰণ নোহোৱালৈকে এই অভিযান অব্যাহত ৰাখিম”।

বৰাক উপত্যকা, মৰিগাঁও আৰু ধুবুৰীত হোৱা প্ৰতিবাদৰ মাজতে আজি পঞ্চম দিনত প্ৰৱেশ কৰে বাল্য বিবাহৰ বিৰুদ্ধে অভিযান। ৰাজ্যজুৰি দাখিল কৰা ৪০৭৪ খন এজাহাৰৰ বিপৰীতে গ্ৰেপ্তাৰৰ সংখ্যা বৃদ্ধি হৈছে ২৪৪১লৈ।

RCHৰ তথ্য অনুসৰি, দক্ষিণ শালমাৰাকে ধৰি অবিভক্ত ধুবুৰী জিলাত সৰ্বাধিক গৰ্ভৱতী কিশোৰীৰ সংখ্যা আছিল ১৪,৪৩৮ গৰাকী। নগাওঁ আৰু বৰপেটাত গৰ্ভৱতী কিশোৰীৰ সংখ্যা ক্ৰমে ১২,১৮৮ গৰাকী আৰু ১১,৬৫৮ গৰাকী।

২০২২ বৰ্ষত সৰ্বাধিক গৰ্ভৱতী কিশোৰী পঞ্জীয়নভুক্ত আন জিলাসমূহ হৈছে- গোৱালপাৰাত ৬,২৫০ গৰাকী, কামৰূপত ৪৭৭৩ গৰাকী, দৰঙত ৪৫৮৪ গৰাকী, মৰিগাওঁত ৪২৫৪ গৰাকী আৰু কাছাৰত ৪০৪৯ গৰাকী।

পাহাৰীয়া জিলা ডিমা হাচাওত ২০২২ বৰ্ষত ৪৩১ গৰাকী কিশোৰী গৰ্ভধাৰণেৰে  সৰ্বনিম্ন তথ্য পঞ্জীয়নভুক্ত হৈছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply