সংযুক্ত যুক্তৰাষ্ট্ৰৰ চৰকাৰী বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিলে এক অপ্ৰত্যাশিত তথ্য। বিগত সময়ছোৱাত বৃদ্ধি হৈ অহা গোলকীয় উষ্ণতাৰ প্ৰতি লক্ষ্য ৰাখি আগন্তুক বৰ্ষ কেইটাও যে অসহনীয় হ’ব সেই কথা ইতিমধ্যেই অনুমান কৰি লৈছিল বিশ্ববাসীয়ে। ২০২৩ বৰ্ষত বৃদ্ধি পাব গোলকীয় উষ্ণতা। ৰেকৰ্ড স্পৰ্শ কৰিব ওলোৱা এই উষ্ণতাৰ সৈতে বিগত ১০ বছৰৰ গোলকীয় উষ্ণতাৰ ভিতৰত সৰ্বোচ্চ হ’ব।

মানৱ সভ্যতাৰ আৰম্ভণিৰে পৰাই বিজ্ঞান প্ৰযুক্তি বিদ্যাৰ উন্নতিৰ সৈতে মানুহে যেন কেৱল এটা বিষয়তেই নিৰৱিচ্ছিন্ন ভাৱে সেৱা আগবঢ়াই আহিছে আৰু সেইয়া হৈছে প্ৰকৃতিৰ ধ্বংসলীলা। এই কাৰ্যৰ পৰা কোনো কালেই থমকি ৰোৱা নাই মানৱ সমাজ। যাৰ ফলতেই আহি পৰিছে এনে এক পৰিস্থিতি।

কিন্তু এফালৰ পৰা বনাঞ্চল ধ্বংস কৰি সম্পত্তিৰ পাহাৰ গঢ়ি অহা এই মানৱ সমাজক বাধা দিয়া জানো সম্ভৱ হ’ব?  পৃথিৱীৰ অন্যতম আমাজন অৰণ্যৰ ওপৰতো এতিয়া লোলুপ দৃষ্টি একাংশৰ। তেনেস্থলত কাহানিবা সম্ভৱ হ’বনে পৰিৱেশ ৰক্ষা?

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply