নিউজ ডেক্স:- কেন্দ্ৰীয় চৰকাৰৰ কৃষি আইনৰ বিৰুদ্ধে দিল্লীত চলি থকা কৃষক বিক্ষোভ বৰ্তমানেও অৱ্যাহত আছে। প্ৰতিবাদী কৃষকসকলে ২৬ জানুৱাৰীৰ গণতন্ত্ৰ দিৱসৰ দিনা ট্ৰেক্টৰ লৈ কৃষাণ পেৰেড উলিওৱাৰ কথা ঘোষণা কৰিছে | দিল্লী প্ৰেছ ক্লাবত আয়োজিত সংবাদমেলত কৃষকৰ নেতৃত্বই চৰকাৰৰ সৈতে আলোচনাত একো মীমাংসা নোলালে এই প্ৰতিবাদ কৰিব বুলি উল্লেখ কৰে | চৰকাৰৰ সৈতে পৰবৰ্তী আলোচনা অহা ৪ জানুৱাৰীত হ’ব উক্ত আলোচনাত সমাধানৰ সুত্ৰ ওলাব বুলি আশা প্ৰকাশ কৰিছে কৃষক নেতা সকলে |
উল্লেখ্য যে আগন্তুক গণতন্ত্ৰ দিৱসত মুখ্য অতিথি ৰূপে যোগদান কৰিব ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী বৰিছ জনছনে | সংবাদমেলত কৃষক নেতৃত্বই কয়, ‘ এতিয়ালৈকে দিল্লী সীমাত বহি কৃষক সকলে প্ৰতিবাদী কাৰ্টসূচী পালন কৰি আহিছে , কিন্তু গণতন্ত্ৰ দিৱসৰ দিনা এই প্ৰতিবাদ দিল্লীৰ ৰাজপথত কৰিবলৈ সিদ্ধান্ত লৈছে ‘| কৃষক নেতা দৰ্শন পাল সিঙে কয়, ‘ট্ৰেক্টৰ লৈ কিষাণ পেৰেড গণতন্ত্ৰ দিৱস পেৰেডৰ পিছতেই কৰিব , য’ত ৰাষ্ট্ৰীয় পতাকা ব্যবহাৰ কৰিব |’
ইয়াৰ মাজতে দিল্লী সীমাঞ্চলত পুণৰ আত্নহত্যা কৰিছে এজন কৃষকে। গাজিয়াপুৰৰ ইউপি গেটত এজন কৃষকে শৌচালয়ত পুনৰ আত্মহত্যা কৰাৰ ঘটনা পোহৰলৈ আহিছে | আত্মহত্যা কৰা এই কৃষকজনৰ নাম কাশ্মীৰ সিং। ৭৫ বছৰীয়া কৃষকজনে তেওঁৰ চুইচাইট নোটত ইয়াৰ বাবে চৰকাৰ জগৰীয়া বুলি উল্লেখ কৰিছে।