প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ

গুৱাহাটী – একেৰাহে সৰ্বাধিক সময়ৰ বাবে অৰ্থাৎ তিনিটা কাৰ্যকালৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি যোৱা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে সোমবাৰে গুৱাহাটী মেডিকেল কলেজ হাস্পতালত বিয়লি ৫-৩৪ বজাত শেষ নিশ্বাস ত্যাগ কৰে।

প্ৰয়াত বৰ্ষীয়ান ৰাজনীতবিদগৰাকীৰ শেষকৃত্য ২৬ নৱেম্বৰত গুৱাহাটীতে সম্পন্ন কৰা হ’ব। গগৈৰ নশ্বৰ দেহ কালি নিশাতো GMCH ত ৰখাৰ পিছত আজি পুৱাই চৰকাৰী বাসভৱন, তাৰপিছত অসম সচিবালয়লৈ নিয়া হ’ব।

তাৰ পিছত গগৈৰ নশ্বৰ দেহ অনা হ’ব অসম প্ৰদেশ কংগ্ৰেছৰ ৰাজ্যিক কাৰ্যালয় ৰাজীৱ ভৱনলৈ।

বিয়লি ৪ বজাৰ পিছতে গগৈৰ মৃতদেহ লৈ যোৱা হব শংকৰদেৱ কলাক্ষেত্ৰলৈ। ২৪ নৱেম্বৰৰ বিয়লি ৪বজাৰ পৰা ২৬নৱেম্বৰৰ পুৱালৈ গগৈক ৰখা হব শংকৰদেৱ কলাক্ষেত্ৰতে।ইয়াতে গগৈক গুণমুগ্ধ আৰু শুভাকাংক্ষী সকলে জনাব পাৰিব শেষ শ্ৰদ্ধাঞ্জলি।

উল্লেখ্য যে গগৈৰ নশ্বৰদেহ তেখেতৰ গৃহ সমষ্টি তিতাবৰলৈ নিয়া নহয়। ইয়াৰ পৰিৱৰ্তে দেশৰ জনপ্ৰিয় কংগ্ৰেছ নেতাগৰাকীৰ নশ্বৰদেহ গুৱাহাটীতে কৰা হ’ব শেষকৃত্য। কোন স্থানত শেষকৃত্য সম্পন্ন কৰা হব, সেই কথা এই পৰ্যন্ত নিশ্চিত হোৱা নাই। প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মৃত্যুত ৰাজ্য চৰকাৰে তিনিদিনীয়া শোক ঘোষণা কৰি মৃতদেহ ৰাষ্ট্ৰীয় মৰ্যদাৰে শেষকৃত্য সম্পন্নৰো ঘোষণা কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply