২৬, ২৭ ফেব্ৰুৱাৰীত জেংৰাইমুখ, মাজুলীত কৃষি উৎসৱ Credit: প্ৰতিনিধিত্বমূলক ছবি

মাজুলী: মাজুলীক কৃষি আৰু কলা – সংস্কৃতিৰ এক সমন্বয় ক্ষেত্ৰ ৰূপে গঢ়ি তোলাৰ উদ্দেশ্যে “মাজুলী মিউজিক্ ফেষ্টিভেল ফাউণ্ডেশ্যন“ৰ উদ্যোগত অহা ২৬ আৰু ২৭ ফেব্ৰুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে এক কৃষি আৰু সংগীত মহোৎসৱ আয়োজন কৰা হৈছে | মাজুলীৰ উদীয়মান যুৱক – যুৱতীদ্বয় মুকুল দলে আৰু মমী পেগু’ৱে নেতৃত্ব বহন কৰা আয়োজক দলটোত প্ৰায় ৫০ গৰাকী স্থানীয় যুৱক সক্ৰিয়ভাৱে জড়িত হৈ আছে |

উল্লেখ্য যে তেওঁলোকে ইতিপূৰ্ৱে জৈৱিক পদ্ধতিৰে কৃষি কৰ্ম কৰিবলৈ “স্প্ৰীংউড ফাৰ্ম”ৰ দৰে প্ৰচেষ্টা হাতত লৈছে | ইয়াৰ উপৰিও “মাজুলী মিউজিক্ ফেষ্টিভেল, ২০১৯” আৰু “অসম বাইকাৰচ্ মীট, ২০২০” আদিৰ দৰে কেইবাটাও অনুস্থানেৰে উৎসৱ সফলতাৰে আয়োজন কৰাৰ লগতে মাজুলীৰ স্থানীয় যুৱকৰ সহযোগত ” ৰিগব’ ” নামেৰে এক স্বেচ্চাসেৱী সংগঠনৰ প্ৰতিষ্ঠা কৰিছে |

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply