গুৱাহাটী – ২৭ জানুৱাৰীৰ চকা বন্ধ কাৰ্যসূচী স্থগিত। সাময়িকভাৱে স্থগিত কৰা হৈছে চকা বন্ধ কাৰ্যসূচী। সদৌ অসম মটৰ শ্ৰমিক যুটীয়া পৰিষদে সাময়িকভাৱে ২৭ জানুৱাৰীৰ চকা বন্ধ কাৰ্যসূচী স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। সোমবাৰে পৰিবহন আয়ুক্ত আৰু শ্ৰম আয়ুক্তৰ লগত আলোচনাত মিলিত হৈছিল সদৌ অসম মটৰ শ্ৰমিক যুটীয়া পৰিষদৰ আহ্বায়াক সমিতিয়ে।

বুধবাৰে অৰ্থাৎ ২৭ জানুৱাৰীত সদৌ অসম মটৰ শ্ৰমিক যুটীয়া পৰিষদে ঘোষণা কৰিছিল ২৪ ঘণ্টাৰ চকা বন্ধ কাৰ্যসূচী। মটৰ শ্ৰমিক সকলৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত সদৌ অসম মটৰ শ্ৰমিক যুটীয়া পৰিষদে এই চকা বন্ধ কাৰ্যসূচী ৰূপায়ন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল যদিও মঙলাবাৰে এক সংবাদ মেল অনুষ্ঠিত কৰি পৰিষদে চকা বন্ধ কাৰ্যসূচী সাময়িকভাৱে স্থগিত ৰখাৰ কথা ঘোষণা কৰে।

সোমবাৰে সোমবাৰে পৰিবহন বিভাগৰ আয়ুক্ত আৰু শ্ৰম বিভাগৰ আয়ুক্তৰ লগত সদৌ অসম মটৰ শ্ৰমিক যুটীয়া পৰিষদৰ আহ্বায়াক সমিতি মিলিত হয় এক আলোচনাত। আলোচনাত মটৰ শ্ৰমিক সকলকৰ সমস্যা সমূহকলৈ বুধবাৰে পুনৰ সদৌ অসম মটৰ শ্ৰমিক যুটীয়া পৰিষদৰ আহ্বায়াক সমিতিৰ কৰ্মকৰ্তাৰ লগত বিভাগীয় কৰ্তৃপক্ষ এক আলোচনাত মিলিত হ’ব।

সদৌ অসম মটৰ শ্ৰমিক যুটীয়া পৰিষদৰ আহ্বায়াক সমিতিৰ কৰ্মকর্তা আৰু বিভাগীয় কৰ্তৃপক্ষৰ মাজত আলোচনাৰ অন্তত মটৰ শ্ৰমিক সকলৰ সমস্যা সমূহ সমাধান হোৱা আশা প্ৰকাশৰ কৰিছে পৰিষদে। আলোচনাৰ অন্তত যদি সমস্যা সমূহ সমাধান নহয় তেন্তে পৰিষদে পুনৰ আন্দোলন কাৰ্যসূচীৰ ঘোষণা কৰিব।

উল্লেখ্য যে মটৰ শ্ৰমিক সকলৰ কল্যান আঁচনিৰ লগতে মটৰ শ্ৰমিক সকলৰ কেইবাটাও দাবীকলৈ ২৭ জানুৱাৰীত সদৌ অসম মটৰ শ্ৰমিক যুটীয়া পৰিষদে ২৪ ঘণ্টাৰ চকা বন্ধ কাৰ্যসূচীৰ ঘোষণা কৰিছিল। ২৭ জানুৱাৰীৰ পিছত ১২ আৰু ১৩ ফেব্ৰুৱাৰীত ৪৮ ঘণ্টা আৰু ইয়াৰ পিছত ২৫, ২৬ আৰু ২৭ ফেব্ৰুৱাৰীত ৭২ ঘণ্টাৰ চকা বন্ধ কাৰ্যসূচীৰ ঘোষণা কৰিছিল সদৌ অসম মটৰ শ্ৰমিক যুটীয়া পৰিষদে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply