গুৱাহাটী – অহা ২৮ ডিচেম্বৰত প্ৰতিবন্ধী সকলৰ প্ৰতিবাদী কাৰ্যসূচী ঘোষণা। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰতিবন্ধী সকলৰ নিযুক্তিক বুমেৰুং কৰাৰ চেষ্টাৰ অভিযোগ। ২৮ ডিচেম্বৰৰ তাৰিখে প্ৰতিবাদী কাৰ্যসূচীত প্ৰতিবন্ধী সকলক গুলীয়াই মাৰিবলৈ মুখ্যমন্ত্ৰীক আহ্বান।
ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল তথা বিজেপি চৰকাৰখনে প্ৰতিবন্ধী সকলৰ প্ৰতি কোনো ধৰণৰ দায়বদ্ধতা নথকাৰ অভিযোগ উত্থাপন কৰিছে প্ৰতিবন্ধী সুৰক্ষা সন্থা, অসমে। মঙলাবাৰে এক সংবাদমেল অনুষ্ঠিত কৰি সন্থাৰ সম্পাদক নৃপেন মালাকাৰে কয় যে, বিগত ২০১৮ বর্ষৰ ৩১ ডিচেম্বৰত প্ৰতিবন্ধী লোক সকলৰ বাবে চৰকাৰৰ বিভিন্ন বিভাগত চতুৰ্থ বৰ্গৰ ৫১১ টা পদত নিযুক্তি দিয়াৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰা হৈছিল। বিজ্ঞাপন প্ৰকাশৰ আজি দুবছৰ হ’ল কিন্তু নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন নহ’ল।
সন্থাৰ সভাপতি গৰাকীয়ে প্ৰতিবন্ধী সকলৰ নিযুক্তি প্ৰক্ৰিয়া একমাত্ৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হেমহীৰ বাবে নহ’ল বুলি অভিযোগ কৰি কৰি কয় যে, নিযুক্তি প্ৰক্ৰিয়াকলৈ সন্থাৰ ফালৰ পৰা চৰকাৰক বাৰম্বাৰ অনুৰোধ জনোৱা হয় যদিও এইক্ষেত্ৰত চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নহ’ল।
২০১৭ চনৰ ১১ অক্টোবৰত চৰকাৰ আৰু সন্থাৰ মাজত হোৱা আলোচনা অনুসৰি বিভিন্ন বিভাগৰ বেকলগ পদ সমূহ একলগ কৰি এটা সংস্থা অথবা এটা বিভাগৰ দ্বাৰা পৰীক্ষা অনুষ্ঠিত কৰি পূৰণৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। সেই অনুসৰি বিজ্ঞাপন প্ৰকাশ কৰাৰ পিছত মুঠ ৮৬৩ টা পদত নিযুক্তি পৰীক্ষা সম্পন্ন কৰাৰ বাবে অসম আৰক্ষীৰ নিযুক্তি বৰ্ডক দায়িত্ব প্ৰদান কৰা হৈছিল।
তৃতীয় বৰ্গৰ ৩৫২ টা পদত ইতিমধ্যে ২০১৯ বর্ষতে নিযুক্তি দিয়া হৈছিল যদিও চতুৰ্থ বৰ্গৰ ৫১১ টা পদত আজিও নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন নকৰাতো ৰহস্যজনক বুলি মন্তব্য কৰে সন্থাৰ সম্পাদক গৰাকীয়ে। এই ৫১১ টা পদৰ বাবে দুবাৰকৈ পৰীক্ষা অনুষ্ঠিত কৰা হৈছিল যদিও অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ নিযুক্তি কেলেংকাৰীৰ পিছত নিযুক্তি প্ৰক্ৰিয়াটো স্থগিত হৈ আছে। পৰৱৰ্তী সময়ত সন্থাৰ লগত চৰকাৰৰ আলোচনা অনুসৰি সমাজ কল্যান বিভাগৰ দ্বাৰা নিযুক্তি প্ৰক্ৰিয়াটো সম্পন্ন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল বুলি সংবাদমেলত জানিবলৈ দিয়ে সন্থাৰ সম্পাদক গৰাকীয়ে।
আলোচনাৰ এমাহ পিছতো প্ৰতিবন্ধী সকলৰ নিযুক্তিৰ ক্ষেত্ৰত কোনো ধৰণৰ সুফল লাভ নকৰিলে বুলি অভিযোগ উত্থাপন কৰি প্ৰতিবন্ধী সুৰক্ষা সন্থা, অসমৰ সম্পাদক নৃপেন মালাকৰে কয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰতিবন্ধী সকলৰ নিযুক্তি প্ৰক্ৰিয়াটো বুমেৰুং কৰাৰ চেষ্টাত ব্ৰতী হৈছে। যাৰ ফলত নিবনুৱা প্ৰতিবন্ধী সকলৰ জীৱন আৰু জীৱিকা অন্ধকাৰৰ দিশে গতি কৰিছে। চৰকাৰে অহা ২৮ ডিচেম্বৰৰ ভিতৰত প্ৰতিবন্ধী সকলৰ নিযুক্তিৰ ক্ষেত্ৰত পৰীক্ষা অনুস্থিত কৰি নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন কৰাৰ দাবী জনাইছে। অহা ২৮ ডিচেম্বৰৰ ভিতৰত প্ৰতিবন্ধী সকলৰ দাবী পূৰণ নহ’লে ২৮ ডিচেম্বৰত তীব্ৰ প্ৰতিবাদ গঢ়ি তোলা হ’ব বুলি হুংকাৰ দিয়ে সন্থাৰ সম্পাদনা গৰাকীয়ে। ২৮ ডিচেম্বৰত প্ৰতিবাদস্থলীতে প্ৰতিবন্ধী সকলক গুলীয়াই মাৰিবলৈ চৰকাৰক আহ্বান জনায় সন্থাই।