গুৱাহাটী – প্ৰায় আঠমাহৰ পিছত পিছত অসমৰ বিদ্যালয়সমূহ পুনৰ পাঠদানৰ বাবে সক্ৰিয় কৰি তোলাৰ পদক্ষেপ গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। আজি গুৱাহাটীত আয়োজিত এক সংবাদমেলত শিক্ষা মন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাই অহা ২ নৱেম্বৰৰ পৰা অসমৰ বিদ্যালয়সমূহ পাঠদানৰ বাবে পুনৰ আৰম্ভ কৰাৰ কথা ঘোষণা কৰে। অৱশ্যে ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণী পৰ্যন্তহে বিদ্যালয়ৰ পাঠদান আৰম্ভ হ’ব।

অৱশ্যে বিশ্ববিদ্যালয় খোলা সন্দৰ্ভত ৰাজ্য চৰকাৰে সিদ্ধান্ত নলয় বুলিও সদৰী কৰে মন্ত্ৰীগৰাকীয়ে। শেহতীয়া ক’ৰোনা পৰিস্থিতিৰ বাবে বিদ্যালয়সমূহ বন্ধ কৰি থোৱাৰ পিছত পুনৰ স্বাভাৱিক পৰিস্থিতি ঘুৰি অহাৰ বাবে বিদ্যালয়সমূহৰ লগতে পলিটেকনিক আৰু অভিযান্ত্ৰিক শিক্ষানুষ্ঠানসমূহো ২ নৱেম্বৰৰ পৰা খোলাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

হোষ্টেলসমূহ আৰম্ভণিৰ এমাহ বন্ধ থাকিব। প্ৰয়োজন সাপেক্ষে ডিচেম্বৰত ছাত্ৰাবাস খোলাৰ ক্ষেত্ৰত সিদ্ধান্ত লোৱা হ’ব। ইঞ্জিনিয়াৰিং-পলিটেকনিকৰ বাবে অনলাইন পাঠদানসমূহ চলি থাকিব। এটা শ্ৰেণীকোঠাত ২০-২৫ জনৰ অধিক ছাত্ৰ-ছাত্ৰী থাকিব নোৱাৰিব। অৱশ্যে ডাঙৰ হলত ক্লাছ কৰিলে ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বৃদ্ধি কৰিব পাৰিব। স্নাতক প্রথম ষান্মাসিকৰ ছাত্ৰ-ছাত্ৰীৰ বাবে সোমবাৰ আৰু বৃহস্পতিবাৰে পাঠদান হ’ব। তৃতীয় ষান্মাসিকৰ ছাত্ৰ-ছাত্ৰী মঙলবাৰ, বুধবাৰ, শুকুৰবাৰে ক্লাছ কৰিব লাগিব। পঞ্চম ষান্মাসিকৰ মঙলবাৰ, বুধবাৰ, শুকুৰবাৰ আৰু শনিবাৰে ক্লাছ হ’ব।

ইফালে মন্ত্ৰীগৰাকীয়ে কয় প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈকে পাঠদান বন্ধ থাকিব। ষষ্ঠ শ্ৰেণীৰ পৰা পাঠদান আৰম্ভ হ’ব। সদায় দুটা ভাগত ভগোৱা হ’ব বিদ্যালয়ৰ পাঠদান।

প্ৰথম ভাগত পুৱা ৮.৩০ বজাৰ পৰা ১২.৩০ বজালৈ এটা ক্লাছ আৰু দ্বিতীয় ভাগত ১.৩০ৰ পৰা ৪.৩০ বজালৈ ক্লাছ হ’ব।

প্ৰতিদিনাই ৫০ শতাংশক পুৱা ভাগত আৰু আন ৫০ শতাংশক বিয়লি ভাগত ক্লাছ কৰা হ’ব।

আনহাতে অষ্টম মান, দশম মান আৰু দ্বাদশ শ্ৰেণীৰহে পৰীক্ষা অনুষ্ঠিত কৰিব বৰ্ডে।

বাকীবোৰ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষা অনুষ্ঠিত নহ’ব। অৰ্থাৎ বাকীবোৰ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক উত্তীৰ্ণ কৰি দিয়া হ’ব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply